ৰাজ্যত ক্ৰমাত সুস্থ হৈ উঠিছে ইজনৰ পাছত সিজন কৰ’নাত আক্ৰান্ত ৰোগী : ইতিমধ্যে ১৯ জন ৰোগী সুস্থ – মন্ত্ৰী ড০ শৰ্মা |

ৰাজ্যত ক্ৰমাত সুস্থ হৈ উঠিছে ইজনৰ পাছত সিজন কৰ’নাত আক্ৰান্ত ৰোগী | মহাব্যাধি কৰ’না ভাইৰাছত আক্ৰান্তৰ হোৱা ৰাজ্যৰ মুঠ ৩৪ জন ৰোগীৰ ভিতৰত ইতিমধ্যে এজনে মৃত্যুক আঁকোৱালি লোৱাৰ বিপৰীতে সোমবাৰ বিয়লি পৰ্যন্ত ১৯ জন ৰোগী সুস্থ হৈ উঠা কথা স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে | সোমাবাৰৰ দিনটো সুস্থ হৈ উঠা দুজন ৰোগীক নিজ ঘৰলৈ প্ৰেৰণ কৰে স্বাস্থ্য বিভাগে |
আজি সুস্থ হৈ উঠা ৰোগী দুজন হৈছে সোণাপুৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা হজৰত আলী আৰু লখিমপুৰৰ তেলাহী আদৰ্শ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা বাবু আলী | এই সংক্ৰান্তত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে এই তথ্য সদৰি কৰি কয় যে সোণাপুৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা হজৰত আলী নামৰক’ভিড-১৯ ভাইৰাছত আক্ৰান্ত ৰোগীজনে সোমবাৰে চিকিৎসালয়খনৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷
ৰোগীজনক দুবাৰকৈ পৰীক্ষা কৰি ফলাফল ঋণাত্মক ওলোৱাত তেওঁক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে ৷ আনহাতে লখিমপুৰৰ তেলাহী আদৰ্শ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা বাবু আলী নামৰ কোভিড ৰোগীজনে সোমবাৰে চিকিৎসালয়খনৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে | ৰোগীজনক তিনিবাৰকৈ পৰীক্ষা কৰি ফলাফল ঋণাত্মক  ওলোৱাত তেওঁক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে ৷ নিজ গৃহত আছুতীয়াকৈ থকাৰ বিধিসমূহ মানি চলিবলৈ বাবু আলী তথা তেওঁৰ পৰিয়ালৰ সদস্যসকলক অনুৰোধ জনালোঁ ৷উল্লেখ্য যে ইয়াকে লৈ ৰাজ্যত কোভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰা ব্যক্তিৰ সংখ্যা ১৯ গৰাকী হ’লগৈ বুলি মন্ত্ৰীজনে সদৰী কৰে ৷
Exit mobile version