♦সৰু পৰ্দা আৰু শেহতীয়াকৈ বলীউডত খোজ পেলোৱা অভিনেত্ৰী হিনা খানৰ চুটি ছবি “স্মাৰ্ট ফোন”ৰ ট্ৰেইলৰে মুক্তি লাভ কৰিলে ৷ছবিখনত হিনাই কুণাল ৰয় কাপুৰৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰিছে ৷ইনষ্টাগ্ৰামত হিনাই “স্মাট ফোন’ৰ ট্ৰেইলৰ অনুৰাগীলৈ আগবঢ়াইছে ৷ছবিখন ২৪ এপ্ৰিলত মুক্তি লাভ কৰিব ৷ উল্লেখযোগ্য যে হিনাই “হেকড” ছবিৰ জৰিয়তে বলীউডৰ ছবিত খোজ পেলাইছিল। ইয়াৰ পিছত হিনাই বিগ বছৰ জৰিয়তে অনুৰাগীৰ মাজত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল ৷

♦১৭ বছৰত ভৰি দিলে অজয় দেৱগন আৰু কাজলৰ কন্যা ন্যাসা দেৱগনে ৷সেই উদ্দেশ্য আজি ছ’চিয়েল মিডিয়াত নিজ কন্যাক শুভেচ্ছা জনাইছে অজয়ে ৷লগতে ঘৰতে থাকি কৰ’না ভাইৰাছৰ পৰা ন্যাসক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান কৰে অজয়ে ৷কিছুদিন পূৰ্বে কাজল আৰু ন্যাসা কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে বুলি ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছিল ৷ইয়াৰ পিছতে অজয়ে সকলোকে স্পষ্ট কৰি দিয়ে যে এই খবৰ ভুৱা আৰু ভিত্তিহীন ৷

♦কৰ’না ভাইৰাছৰ দৰে মহামাৰীৰ সময়ত নিজৰ কৰ্ম সূচাৰুপে কৰা চিকিৎসক,নাৰ্ছ আৰু স্বাস্থ্য বিভাগৰ কৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰিলে বলীউডৰ প্ৰসিদ্ধ গীতিকাৰ,সুৰকাৰ আৰু ছবি পৰিচালক গুলজাৰে । গুলজাৰে কয় “মোৰ মতে দেশ ৰক্ষাৰ সময়ত আমাৰ জোৱানসকল যিদৰে নিজৰ কৰ্তব্য তথা দায়িত্ব নিষ্ঠাৰে পালন কৰে ,ঠিক সেইদৰে চিকিৎসাসেৱাৰ লগত জৰিত লোকসকলেও নিজৰ দায়িত্ব পালন কৰিছে ৷যিদৰে এজন জোৱানে দেশ ৰক্ষাৰ কাৰণে বুকুত গুলী খাবলৈ ভয় নকৰে ঠিক সেইদৰে চিকিৎসকসকলেও এই মহামাৰীক প্ৰতিহত কৰিবলৈ তীব্ৰ প্ৰত্যাহ্বানক আকোঁৱালি লৈছে ৷ গুলজাৰে কয় যে চিকিৎসকসকলক ধন্যবাদ জনাবলৈ মোৰ ওচৰত ভাষাৰ অভাৱ ৷সচাকৈয়ে তেওঁলোকক হৃদয়ৰ পৰা ধন্যবাদ ৷

♦চলিত বৰ্ষত কোনো ধৰণৰ সংগীতানুষ্ঠান অনুষ্ঠিত নকৰে হলীউড তথা আন্তঃৰাষ্ট্ৰীয় গায়িকা টেইলৰ চুইফ্টে ।ক’ৰনা ভাইৰাছৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় চেলীব্ৰেটীগৰাকীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে । আজি টুইটাৰ যোগে টেইলৰে জনায় যে ২০২০ চনত সকলো অনুষ্ঠান বাতিল কৰা হৈছে ৷লগতে তেওঁ সকলো অনুৰাগী ক মহামাৰীৰ পৰা সুৰক্ষিত থাকিবলৈ আহ্বান কৰে ।ইফালে টেইলৰৰ লগতে জাষ্টিন বীবৰৰ দৰে বহু ষ্টাৰে চলিত বছৰত অনুষ্ঠান পৰিবেশনৰ পৰা বিৰত থাকিব ৷ লগতে কৰ’না ভাইৰাছৰ পৰা দেশে মুক্তি পালেই আকৌ অনুৰাগীক লগ পোৱাৰ প্ৰতিশ্ৰুতি দিছে চেলীব্ৰেটীসকলে ৷

ADVERTISEMENT