অসমত আজিৰে পৰা কি কি খোলা থাকিব

◆ ২১ এপ্ৰিলৰ পৰা চৰকাৰী কাৰ্যালয়সমূহ খোলা হ’ব।

◆ অসম সচিবালয় উপ-সচিবৰ পৰা আৰম্ভ কৰি উৰ্দ্ধতন সকলো বিষয়া নিয়মীয়াকৈ কাৰ্যালয়ত উপস্থিত থাকিব লাগিব।

◆ তৃতীয়বৰ্গ আৰু চতুৰ্থবৰ্গৰ কৰ্মচাৰীসকল বিভাগৰ বিষয়াৰ নিৰ্দেশ অনুসৰি আহিব লাগিব। একে সময়তে সৰ্বাধিক ৩৩ শতাংশ কৰ্মচাৰী কাৰ্যালয়ত থাকিব পাৰিব। বিভাগে ইয়াৰ বাবে প্ৰয়োজনীয় ৰোষ্টাৰ প্ৰস্তুত কৰিব।

◆ উপ-সচিব, যুটীয়া সচিব, সচিবসকলে কাৰ্যালয়ত নিজৰ গাড়ী ব্যৱহাৰ কৰি আহিব নোৱাৰিব। সচিবালয়ৰ পৰা বাছৰ ব্যৱস্থা কৰা হ’ব।

◆ সঞ্চালকালয়, স্বায়ত্তশাসিত প্ৰতিষ্ঠান আদিত সঞ্চালকৰ পৰা সহকাৰী সঞ্চালক পৰ্যায়লৈকে বিষয়া কাৰ্যালয়ত উপস্থিত থাকিব লাগিব। প্ৰয়োজন সাপেক্ষে কৰ্মচাৰীক গাড়ী পঠিয়াই অনাৰ ব্যৱস্থা কৰিব।

◆ মাণ্ডলিক আয়ুক্ত, উপায়ুক্ত, মহকুমাধিপতি সকলে নিজৰ কাৰ্যালয়ৰ উপৰি জিলাৰ বাকী কাৰ্যালয়সমূহত একে ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশনা জাৰি কৰিব।

◆ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীৰ বাদে আন লোক কাৰ্যালয়লৈ অহাটো নিষিদ্ধ থাকিব। তেওঁলোকৰ প্ৰয়োজনীয় কাম থাকিলে নিয়ন্ত্ৰণ কক্ষ বা বৈদ্যুতিন মাধ্যমত যোগাযোগ কৰিব পাৰিব।

◆ সকলো বিষয়া-কৰ্মচাৰীয়ে মাস্কপৰিধান কৰা আৰু হেণ্ড-চেনিটাইজাৰ ব্যৱহাৰ কৰাটো বাধ্যতামূলক।

◆ কৰ্মক্ষেত্ৰত সকলোৱে সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব।

◆ কৃষি আৰু গ্ৰাম্য অৰ্থনীতিৰ ক্ষেত্ৰসমূহ খোলা থাকিব।

◆ পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰি আৰু মানসম্পন্ন কার্য সম্পাদন প্ৰক্ৰিয়া অনুসৰি ঔদ্যোগিক কাম-কাজ অব্যাহত থাকিব।

◆ ই-কমাৰ্চ আৰু ডিজিটেল অৰ্থনীতিৰ কাম-কাজ চলি থাকিব।

◆ স্বাস্থ্য সেৱাৰ সকলো গোটৰ কাম-কাজ চলি থাকিব।

◆ কৃষি-কাৰ্যৰ লগত জড়িত যন্ত্ৰপাতিৰ দোকান আৰু মেৰামতিৰ ব্যৱস্থা খোলা থাকিব।

◆ বীজ, কীটনাশক দ্ৰব্য আৰু ৰাসায়নিক সাৰৰ উৎপাদন আৰু বিতৰণ অব্যাহত থাকিব।

◆ কৃষি সামগ্ৰীৰ পৰিবহণ অব্যাহত থাকিব।

◆ মাছ মৰা কার্য চলি থাকিব।

◆ গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ উৎপাদন আৰু যোগান অব্যাহত থাকিব।

◆ গো-শালা সমূহ খোলা থাকিব।

◆ খাদ্য প্ৰস্তুতকৰণৰ উদ্যোগ খোলা থাকিব।

◆ ইটা ভাটা খোলা থাকিব।

◆ জলসিঞ্চন আৰু পানী যোগানৰ লগত জড়িত কাম-কাজসমূহ অব্যাহত থাকিব।

◆ অত্যাৱশ্যকীয় সামগ্ৰী বিক্ৰী কৰা দোকানৰ বাদে আন বাণিজ্যিক প্ৰতিষ্ঠানসমূহ বন্ধ থাকিব।

◆ তথ্য প্ৰযুক্তিৰ কাম কাজ আৰু তথ্য প্ৰযুক্তিৰ দ্বাৰা পৰিচালিত সেৱাসমূহ ৫০ শতাংশ কৰ্মচাৰীৰে চলিব।

◆ শীতল ভঁৰাল, গুদাম আদি চলি থাকিব।

◆ অত্যাৱশ্যকীয় সামগ্ৰী, ঔষধ, স্বাস্থ্যসেৱাৰে জড়িত উদ্যোগসমূহ চলি থাকিব।

◆ উৎপাদনৰ বাবে নিৰৱচ্ছিন্ন প্ৰক্ৰিয়া প্ৰয়োজন হোৱা উৎপাদন গোটসমূহ চলি থাকিব।

◆ তথ্য প্ৰযুক্তিৰ হাৰ্ডৱেৰ, পেকেজিং সামগ্ৰী, মৰাপাট উদ্যোগ খোলা থাকিব।

◆ তেল আৰু প্ৰাকৃতিক গেছ উদ্যোগৰ কাম-কাজ চলি থাকিব।

◆ ইলেক্ট্ৰিচিয়ান, পানী মিস্ত্রি, মটৰ মেকানিক, কাঠমিস্ত্রি,কম্পিউটাৰ/ ম’বাইল ফোন মেকানিক আদি স্ব-নিয়োজিত কৰ্মীসকলে গ্ৰাহকৰ নিজস্ব চৌহদত সেৱা আগবঢ়াব পাৰিব।

◆ প্ৰবজিত শ্রমিকসকলক এখন জিলাৰ পৰা আনখন জিলালৈ তেওঁলোকৰ কৰ্মস্থলীৰ পৰা ঘৰলৈ যাবৰ বাবে এবাৰহে অনুমতি প্ৰদান কৰা হ’ব।

Exit mobile version