তলাবন্ধৰ সময়চোত বিজেপিৰ বিধায়কসকলে চাৰিৰ পৰা ১০-১৫ হেজাৰ পৰিয়ালক সহায়ৰ হাত আগবঢ়াইছে

IMG 20200421 WA0012

“ভাৰতীয় জনতা পাৰ্টীৰ সতীৰ্থ বিধায়ক সকলক লৈ মই গৰ্বিত যে একোজন বিধায়কে ৪ হাজাৰৰ পৰা ১০-১৫ হাজাৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াইছে । মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ |” এই দৰে মত পোষণ কৰিছে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে | উল্লেখ্য যে  ক’ৰনা ভাইৰাছ সংংক্ৰমণ ৰোধ কৰিবৰ  বাবে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা তলাবন্ধৰ  সময়চোৱাত বি পি এল কাৰ্ড নথকা অথচ দুখীয়া কমেও চাৰি হেজাৰ পৰিয়াললৈ সহায় আগবঢ়াবৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ  বিধায়ক সকললৈ যি আহ্বান জনাইছিল ৰাজ্যিক বিজেপিয়ে |

ADVERTISEMENT

এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিধায়ক সকলে চাৰি হেজাৰ পৰা ১০-১৫ হেজাৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়োৱা তথ্য ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে সামাজিক মাধ্যমত উল্লেখ কৰি কয় যে তেখেত সকলক লৈ মই অত্যন্ত গৰ্বিত অনুভৱ কৰিছোঁ । দলৰ আহ্বান অনুসৰি সতীৰ্থ বিধায়ক সকলৰ লগতে জনসাধাৰণলৈ সহায়ৰ হাত আগবঢ়োৱা সতীৰ্থ কাৰ্যকৰ্তা সকললৈ এই ছেগতে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ।

 

Exit mobile version