তলাবন্ধৰ সময়ত শ্ৰমিকসকলে ৰেচন, মজুৰি লাভ নকৰাত লৈ প্ৰতিক্ৰিয়া অসম চাহ মজদুৰ সংঘই 

94244

অসম চাহ মজদুৰ সংঘই তলাবন্ধৰ সময়ত চাহ শ্ৰমিকসকলক অত্যাৱশ্যকীয় সামগ্ৰী যোগান নধৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ চাহ মজদুৰ সংঘই শ্ৰমিকসকলক বিভিন্ন চাহ বাগিচাৰ কৰ্তৃপক্ষই মজুৰি,ৰেছন প্ৰদান কৰা নাই বুলি এক বিবৃত্তি যোগে প্ৰকাশ কৰে। বিবৃত্তিত চাহ মজদুৰ সংঘই প্ৰকাশ কৰে যে বিগত সময়ত তলাবন্ধৰ কাৰণে চাহ বাগিচাসমূহ বন্ধ হৈ থকাৰ কাৰণে সম্প্ৰতি চাহ শ্ৰমিকসকলে সম্পূৰ্ণভাৱে হাহাকাৰ কৰিব লগা হৈছে। মাত্ৰ ৫০০ টকাৰে এই দুৰ্দিনৰ সময়ত এটা পৰিয়ালে জীৱন নিৰ্বাহ কৰাতো কিমান কষ্টকৰ সেয়া সম্প্ৰতি বাগিচাৰ কৰ্তৃপক্ষই অনুধাৱন কৰা নাই।

গতিকে ২১ দিনীয়া তলাবন্ধত কৰ্মহীন হৈ পৰা চাহ শ্ৰমিকসকলৰ মজুৰি কোম্পানীসমূহক চৰকাৰে নিৰ্দেশনা দিয়াৰ পাছতো চাহ শ্ৰমিকক মজুৰি প্ৰদান নকৰা কোম্পানী তথা বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে তদন্তৰ দাবী জনাইছে অসম চাহ মজদুৰ সংঘই ৷ উল্লেখযোগ্য যে অসম চাহ মজদুৰ সংঘই দাবী জনাই যে তলাবন্ধৰ সকলো শ্ৰমিক কৰ্মচাৰীক দৰমহা অথবা মজুৰি পোৱাটো চৰকাৰে নিশ্চিত কৰক,কেজুৱেল শ্ৰমিককো দৰমহা ৰেচন দিয়াৰ ব্যৱস্থা কৰক৷লগতে তলাবন্ধৰ সময়ত বিভিন্ন অঞ্চলত ব্যৱসায়ীসকলে নিত্য ব্যৱহাৰ্য্য সামগ্ৰীসমূহৰ মূল্য আাকাশ লংঘী কৰাৰ কাৰণে এই ব্যৱসায়ীসকলৰ বিৰুদ্ধে উচিত ব্যৱস্থা ল’বলৈ চৰকাৰক আহ্বান জনাই অসম চাহ মজদুৰ সংঘই।

Exit mobile version