ভাৰতত আক্ৰান্ত ৮০ শতাংশৰ লক্ষণ নাই ক’ভিড-১৯

maxresdefault 3

দেশত কৰ’না ভাইৰাছৰ সংক্ৰমণ ক্ৰমাৎ দ্ৰুতগতিত বৃদ্ধিৰ সময়তে কেতবোৰ উদ্বেগজনক বতৰাই শংকা প্ৰকাশ কৰিছে ৷ প্ৰায় এমাহজোৰা তলাবন্ধ কালত আক্ৰান্তৰ সংখ্যাই ২০ হেজাৰৰ ওচৰ চপাৰ সময়তে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে প্ৰকাশ কৰা অনুসৰি দেশজুৰি এই পৰ্যন্ত যিসকল কৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে তেওঁলোকৰ ৮০ শতাংশৰ শৰীৰতে প্ৰস্ফুটিত হোৱা নাই মাৰাত্মক কৰ’না ভাইৰাছৰ কোনো লক্ষণ । আই চি এম আৰৰ গৱেষক ৰমন আৰ গাংগাখেড়কাৰে এক সাক্ষাৎকাৰত কয় “এই পৰ্যন্ত যিমানসংখ্যক কৰ’নাত আক্ৰান্ত হৈছে ৷ তেওঁলোকৰ ৮০ শতাংশৰে কোনো উপসৰ্গ দেখা দিয়া নাই। সেয়েহে উপসৰ্গহীনসকলক কিদৰে চিনাক্ত কৰিব পাৰি এয়া এতিয়া আমাৰ প্ৰধান দুশ্চিন্তা হৈ উঠিছে ।

কৰ’না সংক্ৰমিত লোক যিসকলৰ সংস্পৰ্শলৈ আহিছে সেয়া সন্ধান কৰি ব্যক্তিগতভাৱে প্ৰতিজন লোকৰ ওচৰলৈ গৈ পৰীক্ষা কৰাৰ বাহিৰে নতুনকৈ কোনো সংক্ৰমিত সেই কথা জনাৰ উপায় নাই । এনে লোকসকলক চিনাক্ত কৰাটো বৃহৎ উদ্বেগ হৈ পৰিছে আই চি এম আৰৰ বাবে । ভাৰতৰ দৰে জনবহুল দেশত উপসৰ্গহীনসকলৰ প্ৰতিজনৰ পৰীক্ষা কৰাটো অসম্ভৱ বিষয় ৷ সেয়েহে সংক্ৰমিত লোকসকল কাৰ কাৰ সংস্পৰ্শলৈ আহিছে সেয়া সন্ধান কৰাৰ বাহিৰে আন কোনো উপায় নাই বুলি জেষ্ঠ্য গৱেষকজনে স্বীকাৰ কৰে । এনে কৰিবলৈ যাওঁতে ইতিমধ্যে বহু পলম হ’ব নেকি? এই প্ৰশ্নৰ উত্তৰ তেওঁ কয় “আশা কৰো এনে ন’হব” ৷ মে’ৰ দ্বিতীয় সপ্তাহত অন্য উপায় বিচাৰি পাবলৈ সক্ষম হ’ম বুলি আমি আশাবাদী” ৷ এই সন্দৰ্ভত তেওঁ কয় “সংক্ৰমণৰ সংখ্যা বহু বেছি নহ’ব ৷ মে’ৰ দ্বিতীয় সপ্তাহত আমি ইয়াৰ অধিক উত্তমভাৱে মূল্যায়ন কৰাৰ পৰিস্থিতিত থাকিম” গাংগাখেড়কাৰে কয় । উল্লেখযোগ্য যে উপসৰ্গ নথকাসকলক লৈ পূৰ্বে দুশ্চিন্তা ব্যক্ত কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ৷ তেওঁ সংবাদ মাধ্যমক জনোৱা মতে “মুঠ ৭৩৬ জনৰ লেলাউটি পৰীক্ষা কৰাৰ পিছত ১৮৬ জনৰ শৰীৰত ক’ভিড১৯ ৰ বীজাণু ধৰা পৰে।

Exit mobile version