কৰ’না সংক্ৰমণ আৰু খাদ্য সংকট 

Screenshot 20200422 191200 1

কৰ’না ভাইৰাছৰ সংক্ৰমণ হ্ৰাস কৰাৰ বাবে বিশ্বৰ বহু দেশত ইতিমধ্যে তলাবন্ধ পালন কৰা হৈছে । তলাবন্ধৰ প্রভাৱতে ঠায়ে ঠায়ে  পৰিলক্ষিত হৈছে খাদ্য সংকট । মানুহৰ পৰা আৰম্ভ কৰি পশু-পক্ষী তথা সমগ্ৰ জীৱ জগত এতিয়া সংকটৰ গৰাহত । তলাবন্ধ শেষ হোৱাৰ পাছত বৃহৎ সংখ্যক লোকৰ সন্মুখত সংস্থাপন হেৰুওৱাৰ শংকা আছেই । এই ক্ষেত্ৰত একমাত্ৰ  মানুহেই শংকাগ্ৰস্ত তেনে নহয়, তলাবন্ধৰ বাবে বিশ্বৰ বিভিন্ন চিৰিয়াখানা কৰ্তৃপক্ষই জীৱ-জন্তুৰ বাবেও চিন্তা ব্যক্ত কৰিছে । জাৰ্মানীৰ নিউ মুনষ্টাৰ চিৰিয়াখানা কৰ্তৃপক্ষয়ো শেহতীয়াকৈ এক কঠিন সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে । চিৰিয়াখানাখনত শতাধিক প্ৰজাতিৰ প্রায় সাতশ প্ৰাণী আছে । তলাবন্ধৰ সময়ত এতিয়া তাত প্ৰৱল খাদ্য সংকটে দেখা দিছে । দৈনিক হ্ৰাস পাবলৈ লৈছে ভাণ্ডাৰত থকা খাদ্যৰ।

বৰ্তমানলৈ চিৰিয়াখানা কৰ্তৃপক্ষৰ হাতত খাদ্যৰ বাবে নতুন অনুদান আহি হাতত পৰা নাই । ফলত অনাহাৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে চিৰিয়াখানা খনৰ প্ৰাণীবিলাকে । অহা কেইদিন মানৰ ভিতৰতেই চিৰিয়াখানাত থকা খাদ্য শেষ হোৱাটো নিশ্চিত । খাদ্য শেষ হোৱাৰ দিনটোৰ কথা ভাবি এতিয়াই চিন্তিত হৈছে চিৰিয়াখানা কৰ্তৃপক্ষ। এই সন্দৰ্ভত চিৰিয়াখানা পৰিচালক ভেৰেণা কাচপাৰিয়ে কয় যে জৰুৰী সময়ত চিৰিয়াখানা কৰ্তৃপক্ষই কেতবিলাক কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য হ’ব । শেষ পৰ্যন্ত জীৱ-জন্তুৰ বাবে খাদ্যৰ যোগান লাভ নকৰিলে কিছু জীৱ-জন্তুক বধ কৰি অন্যান্য জন্তুবিলাকক খাবলৈ দিয়া হ’ব।

চিৰিয়াখানাৰ সকলো জীৱ-জন্তুক খাবলৈ নিদিয়াকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়াতকৈ ইয়াৰ দ্বাৰা একাংশক জীৱিত ৰখাৰ বাবে চেষ্টা কৰা হ’ব । বছৰৰ অন্যান্য সময়তকৈ বৰ্তমানৰ সময়ছোৱাত সাধাৰণতে জাৰ্মানীৰ বতৰ যথেষ্ট ভাল থাকে । ইষ্টাৰৰ বন্ধত উত্তৰ জাৰ্মানীৰ এই চিৰিয়াখানা খনত দর্শনাৰ্থীৰ যথেষ্ট ভিৰ থাকে । দর্শনাৰ্থীৰ পৰাই চিৰিয়াখানাৰ আৰ্থিক অৱস্থা টনকিয়াল হয় । এইবাৰ কৰ’না ভাইৰাছৰ আতংকৰ বাবে দর্শনাৰ্থী নাই বুলিলেই হয়, ইয়াৰ মাজতেই আকৌ আহিল তলাবন্ধ । নিউ মুনষ্টাৰ চিৰিয়াখানা খন যোৱা ১৫মাৰ্চৰ পৰা সম্পূৰ্ণভাৱে বন্ধ কৰি দিয়া হৈছে । কেতিয়াৰ পৰা চিৰিয়াখানা পুনৰ মুকলি হ’ব সেই কথা নাজানে কৰ্তৃপক্ষই । খাদ্যৰ বাবে কোন বিলাক জীৱ-জন্তুক প্ৰথমে বধ কৰা হ’ব সেই সন্দৰ্ভতো চিৰিয়াখানা কৰ্তৃপক্ষই এখন তালিকা প্ৰস্তুত কৰিছে।

Exit mobile version