মঙ্গলবাৰে অসম পশুধন তথা হাঁহ কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়াৰ স’তে মন্ত্ৰী অতুল বৰাই নিগমৰ খানাপাৰাস্থিত কাৰ্যালয়ৰ চৌহদত থকা ছাগলীৰ আধুনিক বিজ্ঞানসন্মত কচাইখানা পৰিদৰ্শন কৰে। ইয়াৰ মাজতে মন্ত্ৰীজনে নিগমৰ খানাপাৰাস্থিত কাৰ্যালয়ত দ্য নৰ্থ ইষ্ট প্ৰগ্ৰেছিভ পিগ ফাৰ্মাৰ্ছ এছ’চিয়েচন, চমুকৈ নেপফাৰ উপদেষ্টা তথা ICAR/AICRP & Mega Seed Project, AAU Khanapara ৰ মুখ্য বিজ্ঞানী ডঃ ধীৰেশ্বৰ কলিতা, নেপফাৰ সভাপতি মনোজ বসুমতাৰী আৰু উপ-সভাপতি ৰুনা ৰফিকৰ লগতে সংস্থাটোৰ কিছু সংখ্যক সদস্যৰ স’তে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় | এই সংক্ৰান্তত মন্ত্ৰীজনে কয়, ” অনাগত দিনবোৰত গাহৰি পালনৰ ক্ষেত্ৰখনক কিদৰে অৰ্থনৈতিক স্বাৱলম্বিতাৰ আধাৰ হিচাপে গঢ়ি তুলিব পাৰো সেই সন্দৰ্ভত আলোচনা কৰোঁ। উত্তৰ পূৰ্বাঞ্চলৰ গাহৰি পালনৰ ক্ষেত্ৰত সংস্থাটোৱে এক ব্যৱসায়িক দৃষ্টিভংগীৰে জন্মলগ্নৰেপৰা নিৰবিছিন্নভাৱে কাম কৰি আহিছে । দেশৰ অন্যান্য প্ৰান্তৰ দৰেই অসমতো গাহৰি পালনক এক উৎকৃষ্ট উদাহৰণৰূপে দাঙি ধৰাৰ ক্ষেত্ৰত সকলো প্ৰকাৰে সহায়-সহযোগিতা আগবঢ়াবলৈ আমি সংকল্পবদ্ধ ।”
ছাগলীৰ আধুনিক বিজ্ঞানসন্মত কচাইখানা পৰিদৰ্শন মন্ত্ৰী অতুল বৰাৰ
-
By publisher

- Categories: COVID-19, News
- Tags: ASSAM FIGHTS CORONAAtul BoraCovid-19FIGHT AGAINST COVID-19Lockdown
Related Content
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
Sonam Raghuvanshi's bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
By
publisher
April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স'তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
By
publisher
April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
By
publisher
April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
By
publisher
April 28, 2026