তলাবন্ধৰ ফলত প্ৰদূষণ হ্ৰাস 

dsc 05720001

দেশজুৰি চলি থকা তলা বন্ধৰ ফলত হ্ৰাস পাইছে প্ৰদূষণ।কাৰণ স্তব্ধ হৈছে কল-কাৰখানা, যান-বাহনৰ চলাচল । সমগ্ৰ দেশতে প্ৰদূষণৰ প্ৰকোপ বহুখিনি হ্ৰাস পোৱা প্ৰত্যক্ষ হৈছে । বায়ু প্ৰদূষণৰ পৰা আৰম্ভ কৰি জলপ্ৰদূষণলৈকে সকলোধৰণৰ ভয়াবহ প্ৰদূষণ জনিত সমস্যা কিছুপৰিমানে হ’লেও হ্ৰাস পাইছে । দিল্লী, মুম্বাই, কলকাতা আদিৰ দৰে ব্যস্ত মহানগৰটো ধূলি-বালি, ধোঁৱাৰ প্ৰকোপ বহুখিনি হ্ৰাস পাইছে।

কেন্দ্ৰীয় জলশক্তি মন্ত্ৰণালয়ে টুইটাৰত যমুনা নদীৰ একাধিক ফটো প’ষ্ট কৰিছে । এই ফটো খিনিত যমুনাৰ এক অচিনাকি ছবি পোহৰলৈ আহিছে । প্ৰদূষিত যমুনাৰ ক’লা পানীৰ পৰিৱৰ্তে এই ফটো গ্ৰাফত যমুনাৰ নীল ৰঙী পানী পৰিস্ফুট হৈছে । যমুনাই নহয় গংগা নদীৰো জলপ্ৰদূষণ বিগত দিনকেইটাত ৪০ৰ পৰা ৫০ শতাংশলৈ লৈ হ্ৰাস পোৱা বুলি কেন্দ্ৰীয় জলশক্তি মন্ত্ৰণালয়ে জানিবলৈ দিছে । সকলোবোৰ কল -কাৰখানা বন্ধ থকাৰ ফলত ঔদ্যোগিক বৰ্জ্যৰ পৰিমাণ সীমিত হোৱাৰ ফলত নদী দুখনৰ পানী পৰিষ্কাৰ হ’বলৈ ধৰিছে।

Exit mobile version