নগাঁও আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত বৰবিলৰ গজেনপুৰত মঙ্গলবাৰে পুৱতি নিশা হাতীৰ গচকত এগৰাকী বৃদ্ধাৰ মৃত্যুৱে অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে ৷ ঘটনাক্ৰমে মঙ্গলবাৰে পুৱতিনিশা প্ৰায় তিনি বজাত বৰপানী সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্য সন্ধাত ওলাই অহা তিনিটা বন্যহস্তীয়ে বৰবিলৰ গজেনপুৰ গাওঁত উপদ্ৰৱ চলাই ৷ খাদ্যৰ অভাৱত সংহাৰিৰূপ ধাৰণ কৰা বন্যপ্ৰাণী তিনিটাই গাওঁখনৰ বিভিন্ন প্ৰান্তত তহল দি মনোমতী ৰাভা (৬০) নামৰ বৃদ্ধাগৰাকীৰ বাসগৃহত উপদ্ৰৱ চলাই ৷ হাতী অহাৰ উমান পাই ঘৰত থকা একমাত্ৰ জীয়েকৰ স’তে বৃৃৃৃদ্ধাগৰাকী কাষৰ ঘৰলৈ যাবলৈ লওতেই এটা হাতীৰ লগত মুখামুখি হয় আৰু হাতীৰ আক্ৰমণ তথা গচকৰ ফলত ঠিতাতে নিহত হয় মনোমতী ৰাভা নামৰ বৃদ্ধাগৰাকী ৷ পুৱা স্থানীয়লোকে মৃতদেহ প্ৰত্যক্ষ কৰিহে সমগ্ৰ ঘটনাৰ ভয়াবহতাৰ বিষয়ে জ্ঞাত হয় আৰু ততাতৈয়াকৈ কচুৱা আৰক্ষী আৰু কামপুৰ আঞ্চলিক বনবিষয়াক খবৰ দিয়াত আৰক্ষী আৰু বনবিভাগ আহি ঘটনাস্থলী পৰিদৰ্শন কৰে ৷ ইতিমধ্যে আৰক্ষীয়ে মৃতদেহতো মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁওলৈ প্ৰেৰণ কৰে আৰু বনবিভাগে চৰকাৰী নিয়মানুসৰি মনোমতীৰ পৰিয়ালে পাবলগীয়া অনুদান আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷
বৈঠালাংছ’ত হাতীৰ গচকত বৃদ্ধাৰ মৃত্যু
-
By publisher

ADVERTISEMENT
- Categories: News
- Tags: ASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19STAY HOME STAY SAFE
Related Content
বঙাইগাঁও কংগ্ৰেছৰ বৃহৎ খহনীয়া
By
publisher
May 15, 2025
'কাকুতি-মিনতিৰো লাভ নাই 'সিন্ধু জলচুক্তি বাতিলৰ সিদ্ধান্তত অটল ভাৰত , জনালে জয়শংকৰে
By
publisher
May 15, 2025
Aaranyak Award:উত্তৰ পূৱত এছিয়ান হাতীৰ সংৰক্ষণৰ বাবে কৰা কামৰ স্বীকৃতি
By
publisher
May 15, 2025
Beltala Bazar Incident:মহানগৰীৰ বেলতলা বজাৰত অঘটন
By
publisher
May 15, 2025
Kaliabhumura Accident:কলিয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিল ট্ৰেইলৰ
By
publisher
May 15, 2025