নগাঁও আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত বৰবিলৰ গজেনপুৰত মঙ্গলবাৰে পুৱতি নিশা হাতীৰ গচকত এগৰাকী বৃদ্ধাৰ মৃত্যুৱে অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে ৷ ঘটনাক্ৰমে মঙ্গলবাৰে পুৱতিনিশা প্ৰায় তিনি বজাত বৰপানী সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্য সন্ধাত ওলাই অহা তিনিটা বন্যহস্তীয়ে বৰবিলৰ গজেনপুৰ গাওঁত উপদ্ৰৱ চলাই ৷ খাদ্যৰ অভাৱত সংহাৰিৰূপ ধাৰণ কৰা বন্যপ্ৰাণী তিনিটাই গাওঁখনৰ বিভিন্ন প্ৰান্তত তহল দি মনোমতী ৰাভা (৬০) নামৰ বৃদ্ধাগৰাকীৰ বাসগৃহত উপদ্ৰৱ চলাই ৷ হাতী অহাৰ উমান পাই ঘৰত থকা একমাত্ৰ জীয়েকৰ স’তে বৃৃৃৃদ্ধাগৰাকী কাষৰ ঘৰলৈ যাবলৈ লওতেই এটা হাতীৰ লগত মুখামুখি হয় আৰু হাতীৰ আক্ৰমণ তথা গচকৰ ফলত ঠিতাতে নিহত হয় মনোমতী ৰাভা নামৰ বৃদ্ধাগৰাকী ৷ পুৱা স্থানীয়লোকে মৃতদেহ প্ৰত্যক্ষ কৰিহে সমগ্ৰ ঘটনাৰ ভয়াবহতাৰ বিষয়ে জ্ঞাত হয় আৰু ততাতৈয়াকৈ কচুৱা আৰক্ষী আৰু কামপুৰ আঞ্চলিক বনবিষয়াক খবৰ দিয়াত আৰক্ষী আৰু বনবিভাগ আহি ঘটনাস্থলী পৰিদৰ্শন কৰে ৷ ইতিমধ্যে আৰক্ষীয়ে মৃতদেহতো মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁওলৈ প্ৰেৰণ কৰে আৰু বনবিভাগে চৰকাৰী নিয়মানুসৰি মনোমতীৰ পৰিয়ালে পাবলগীয়া অনুদান আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷
বৈঠালাংছ’ত হাতীৰ গচকত বৃদ্ধাৰ মৃত্যু
-
By publisher

- Categories: News
- Tags: ASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19STAY HOME STAY SAFE
Related Content
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
By
publisher
March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
By
publisher
March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
By
publisher
March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
By
publisher
March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
By
publisher
March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
By
publisher
March 10, 2026