আয়াৰলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ স’তে টেলিফোনিক বাৰ্তালাপ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোডীৰ

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বুধবাৰে আয়াৰলেণ্ডৰ প্ৰধানমন্ত্ৰী ড০ লিঅ’ বাৰাড়কাৰ স’তে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয় | এই বাৰ্তালাপত বিশ্বত্ৰাস  ক’ভিড-১৯ মহামাৰীৰ পৰিস্থিতিৰ লগতে স্বাস্থ্য তথা অৰ্থনৈতিক প্ৰভাৱ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত উভয় দেশে গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভত আলোচনা কৰে ৷ প্ৰধানমন্ত্ৰী বাৰাড়কাৰে আয়াৰলেণ্ডত এই সংক্ৰমণ বিৰোধী যুঁজত ভাৰতীয় বংশোদ্ভুত চিকিৎসক আৰু নাৰ্ছসকলে গ্ৰহণ কৰা ভূমিকাৰ প্ৰশংসা কৰে৷ আয়াৰলেণ্ডত বসবাস কৰা ভাৰতীয় নাগৰিকসকলৰ প্ৰতি লোৱা যত্ন আৰু সহায়ৰ বাবে প্ৰধানমন্ত্ৰী বাৰাড়কাৰক ধন্যবাদ জনোৱাৰ লগতে ভাৰতত থকা আইৰিছ নাগৰিকৰ প্ৰতিও সহায় আগবঢ়ৱাৰ প্ৰতিশ্ৰুতি দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে ৷
মহামাৰীৰ বিৰুদ্ধে এই বিশ্বজোৰা যুঁজত ফাৰ্মাচিউটিকেল আৰু চিকিৎসাৰ ক্ষেত্ৰত সক্ষমতা বৃদ্ধিৰে ভাৰত আৰু আয়াৰলেণ্ডে বৰঙণি আগবঢ়াব পাৰিব বুলি দুয়োগৰাকী নেতাই সহমত প্ৰকাশ কৰে৷ দুয়োগৰাকী নেতাই ক’ভিডৰ পাছৰ অৱস্থাত আয়াৰলেণ্ডৰ লগতে ইউৰোপীয়ান সংঘৰ সৈতে ভাৰতৰ সহযোগিতা শক্তিশালী কৰাৰ সম্ভাৱনাক লৈ আশা প্ৰকাশ কৰে৷ নেতা দুজনে এই সংকটৰ স’তে জড়িত দিশবোৰৰ সন্দৰ্ভত নিয়মীয়াকৈ সম্পৰ্ক ৰক্ষা কৰাৰ লগতে আলোচনা কৰিব বুলি সহমতত উপনীত হয় ৷
Exit mobile version