কৰ’না ভাইৰাছৰ পৰা নতুন বিপদৰ আশংকা

Screenshot 20200423 203050

কৰ’না ভাইৰাছৰ আতংক কেতিয়ালৈকে থাকিব তাকে বিশ্বজুৰি নানা জল্পনা-কল্পনা অব্যাহত আছে । বিভিন্ন বিজ্ঞানীয়ে ইয়াৰ প্ৰভাৱ অটুট থকা সম্পৰ্কে ভিন্ন সময় ঘোষণা কৰি অহাত মানুহৰ মাজত আতংক অধিক বৃদ্ধি পাইছে । তেনে সময়তে কৰ’নাৰ প্ৰভাৱৰ আন এক তথ্যই সম্প্ৰতি সকলোকে শিহৰিত কৰি তুলিছে । কৰ’নাৰ প্ৰভাৱত মানুহৰ শৰীৰৰ ৰঙতো পৰিৱৰ্তন হ’ব পাৰে । প্ৰাপ্ত তথ্য অনুসৰি, কৰ’না সংক্ৰমণৰ ফলত বগা ৰঙৰ পৰা ক’ লা হৈ পৰিছে চীনৰ দুজন চিকিৎসক । এক আন্তৰ্জাতিক সংবাদ মাধ্যমে এই বাতৰি প্ৰকাশ কৰিছে ।

উক্ত প্ৰতিবেদন অনুসৰি, গাৰ ৰং সলনি হোৱা চিকিৎসকদ্বয় হৈছে ই ফান আৰু হু ৱেংফিং। দুয়োজন আছিল কৰ’না ভাইৰাছ সম্পৰ্কে সমগ্ৰ বিশ্বকে প্ৰথমে সতৰ্ক কৰি পৰৱৰ্তী সময়ত ক’ভিড-১৯তে মৃত্যু হোৱা চিকিৎসক লি ৱেললিয়াঙৰ সহকাৰী । বিগত জানুৱাৰীত উহানৰ কেন্দ্ৰীয় হাস্পতালত কৰ’না ৰোগীক চিকিৎসা কৰাৰ সময়তে দুয়ো এই ভাইৰাছৰ কবলত পৰিছিল । তাৰ পাছতে তেওঁলোকৰ শাৰীৰিক অৱস্থাৰ ক্ৰমাৎ অৱনতি ঘটিবলৈ ধৰে । এটা সময়ত তেওঁলোকৰ শাৰীৰিক অৱস্থা ইমান শোচনীয় হৈ পৰিছিল যে জীয়াই থকাৰ আশাও প্রায় নোহোৱা হৈ পৰিছিল । অৱশ্যে শেষ পর্যন্ত চিকিৎসকৰে পৰিশ্ৰম আৰু নিজৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ফলত দুয়ো কৰ’না যুদ্ধত জয়ী হ’বলৈ সক্ষম হয় ।

কিন্ত এই যুদ্ধত লিপ্ত হোৱাৰ সময়তে স্বয়ংক্ৰিয় ভাৱে সলনি হৈ পৰে তেওঁলোকৰ গাৰ ছালৰ ৰং । ফান আৰু ৱেংফিং দুয়োজনেই পূৰ্বে বগা ৰঙৰ লোক আছিল । কিন্ত সুস্থ হৈ উঠাৰ পাছত দুয়োৰে শৰীৰ কিচকিচিয়া ক’লা হৈ পৰে । আনকি পৰিয়ালৰ লোকেৰ বাবেও তেওঁলোকক চিনি পোৱাটো কঠিন হৈ পৰিছিল । এই সন্দৰ্ভত তেওঁলোকক সুস্থ কৰি তোলা চিকিৎসকে কয় যে হৰম’নৰ ভাৰসাম্যহীনতাৰ কাৰণেই এই অস্বাভাৱিক পৰিৱৰ্তন ঘটিছে । চিকিৎসৰ মতে কৰ’নাৰ পৰা মুক্ত পাবলৈ তেওঁলোকে যি ঔষধ সেৱন কৰিছিল, তাৰবাবে দুয়োৰে যকৃত প্রায় বিকল হৈ পৰিছিল । সেইবাবেই এনে ঘটনা সংঘটিত হৈছে।

Exit mobile version