তলাবন্ধৰ পৰিপ্ৰেক্ষিতত দেশৰ সকলোবোৰ শিক্ষানুষ্ঠান বন্ধ হৈ আছে । সেইবাবে বহু শিক্ষানুষ্ঠানে অনলাইনত পাঠদান অব্যাহত ৰাখিছে । কিন্ত এই ক্ষেত্ৰত বহু সমস্যাও আছে । কিয়নো বহু দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ যিদৰে এন্ড্ৰ’ইড ম’বাইল ফোন নাই, সেইদৰে ভিতৰুৱা অঞ্চলত আছে নেটৱৰ্কৰ ব্যাপক সমস্যা। ইণ্টাৰনেটৰ এই সমস্যাত পৰিয়ে পশ্চিমবংগৰ এজন শিক্ষকে নিমগছৰ ডালত বহিয়ে অনলাইনত পাঠদান কৰিবলগীয়া হৈছে । সুব্ৰত পতি নামৰ শিক্ষকজন কলকাতাৰ দুখন বিখ্যাত শিক্ষানুষ্ঠানৰ স’তে যুক্ত। সেইবাবে তেওঁ কলকাতাতে বাস কৰিছিল। কিন্তু তলাবন্ধৰ বাবে তেওঁ এতিয়া ৰাজ্যখনৰ বাঁকুৰা জিলাৰ ইন্দপুৰৰ আহন্দায় গাঁৱৰ বাসগৃহতে সময় অতিবাহিত কৰিছে।
অতি ভিতৰুৱা অঞ্চল বাবে তেওঁৰ বাসগৃহত কেতিয়াবাহে নেটৱৰ্ক পোৱা যায় । ইতিমধ্যে সুব্ৰত পতিয়ে গম পালে যে তেওঁ অনলাইনত পাঠদান কৰিব লাগিব । ইপিনে ইণ্টাৰনেটৰ বিসংগতি । এনে পৰিস্থিতিত কিদৰে পাঠদান কৰিব তাকে লৈ চিন্তাত পৰিল সুব্ৰত । তেখেতে বাসভৱনৰ বিভিন্ন স্থানত নেটৱৰ্ক বিচাৰি থাকোতেই পাঠদানৰ সময়ো শেষ হয়গৈ । অনেক চিন্তা-চৰ্চা কৰি শিক্ষকজনে এদিন বাসগৃহৰ কাষতে থকা এডাল নিমগছত উঠে । গছৰ ডালত বহি তেওঁ দেখিলে যে সেই স্থানত ভালদৰে ইণ্টাৰনেট সেৱা লাভ কৰিছে ।
সেয়ে নিমগছত উঠিয়ে পাঠদান কৰাৰ সিদ্ধান্ত লয়।ইয়াৰ বাবে তেওঁ কাঠ আৰু গছৰ ডালেৰে গছৰ ওপৰতে বহাৰো স্থান তৈয়াৰ কৰি লৈছে । পৰিয়াল ৰ লোকে তেওঁক এডাল লাঠীৰ সহায়ত তেওঁলৈ খাদ্য প্ৰেৰণ কৰে ।উল্লেখ্য যে সুব্ৰত পতি ছাত্ৰ-ছাত্ৰী সকলৰ মাজতো যথেষ্ট জনপ্ৰিয়তা আছে । প্রিয় শিক্ষকৰ এনে কাণ্ডত ছাত্ৰ-ছাত্ৰী সকলো অবাক হৈছে ।আনহাতে,পতিৰ এই দায়বদ্ধতাই শিক্ষানুষ্ঠানৰ মুৰব্বীকো মুগ্ধ কৰিছে।