মহানগৰীৰ ভিন্ন প্ৰান্তত পৌৰ নিগম আৰু পশুধন নিগমৰ যৌথ অভিযান

23 04 20 Guwahati fruits seized 2

District administration seized fruits from the vendors in Guwahati street on 23-04-2020 for violating lockdown during the nationwide lockdown to limit the spreading of coronavirus disease (COVID-19) in the country. pix by UB Photos

ক’ভিড ১৯ ভাইৰাছক প্ৰতিৰোধ কৰাৰ লক্ষ্যৰে দেশত অব্যাহত আছে দ্বিতীয় পৰ্যায়ৰ তলাবন্ধ । এই দ্বিতীয় পৰ্যায়ৰ তলাবন্ধৰ সময়ছোৱাত ৰাজ্যত নিৰ্দিষ্টনীতি নিয়মৰ মাজেৰে কিছু শিথিলতাৰে ব্যৱসায় বাণিজ্য আৰম্ভ হৈছে যদিও এই তলাবন্ধৰ সুযোগ গ্ৰহণ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে সামগ্ৰীসমূহ অধিক দামত  বিক্ৰী কৰি আহিছে। ৰাজধানী মহানগৰীতো প্ৰশাসনে নিৰ্দিষ্ট কৰি দিয়া কিছু ব্যৱসায়ীয়ে নিৰ্দিষ্ট দামত মাছ মাংস পাছলি আদি বিক্ৰী আহিছে যদিও তাৰ মাজতে একাংশ অসাধ ব্যৱসায়ীয়ে পৌৰ নিগমৰ অনুজ্ঞাপত্ৰ সংগ্ৰহ নকৰাকৈ অধিক দামত সামগ্ৰীসমূহ বিক্ৰী কৰি আহিছে । এনে অসাধু ব্যৱসায়ীক নাকি লগাবলৈ গুৱাহাটী পৌৰ নিগম আৰু পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াৰ নেতৃত্ব মহানগৰীৰ ভিন্ন প্ৰান্তত অভিযান চলাই স্বাস্থ্যসন্মত খাদ্য যোগান নধৰা আৰু তলাবন্ধৰ নীতি নিয়ম উলংঘা, অধিক দামত বিক্ৰী কৰা ব্যৱসায়ী প্ৰতিষ্ঠানসমূহৰ সামগ্ৰীসমূহ জব্দ কৰি উচ্ছেদ কৰে ।

গুৱাহাটী পৌৰ নিগম,পশুপালন বিভাগ আৰু অসম পশুধন নিগম উদ্যোগত আজি মহানগৰীৰ ভিন্ন স্থানত ব্যৱসায় প্ৰতিষ্ঠানসমূহ চৰজমিন নিৰীক্ষণ কৰি সমগ্ৰ পৰিস্থিতি বুজ লয় । নিৰীক্ষণকাৰী দলটোৱে এই সময়ছোৱাত সামাজিক দূৰত্বৰে স্বাস্থ্যসন্মত মাংস,কণী আদি নিৰ্ধাৰিত মূল্যত উপলব্ধ হৈছে নে নাই এই বিষয়ত চৰজমিন তদন্তৰ লগতে বহু ব্যৱসায়ী প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰও পৰীক্ষা কৰে । এই নিৰীক্ষণ অভিযানৰ নেতৃত্বত বহন কৰা অসম পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই এই সংক্ৰান্তত কয় যে একাংশ অসাধু ব্যৱসায়ীয়ে পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি অধিক মূল্যত সামগ্ৰী বিক্ৰী কৰাৰ অভিযোগ আছে।

এই অভিযোগৰ ভিত্তিতে আজি তাৎক্ষণিকভাৱে পুৱাই দিছপুৰ লাষ্টগেট,চাৰ্ভে,বেলতলা,বশিষ্ঠ,ছয়মাইল,জয়ানগৰ,হাতীগাঁও,খানাপাৰা আদি অঞ্চলত পৌৰ নিগমৰ যৌথ অভিযান চলে ৷ এই অভিযানত অনুজ্ঞাপত্ৰ নোলোৱাকৈ অধিক দামত সামগ্ৰী বিক্ৰী কৰা কে’বাজন অসাধু ব্যৱসায়ীৰ পৰা স্থলীতে বহু পৰিমাণৰ কুকুৰা,কণী আৰু শাক পাচলি পৌৰ নিগমে জব্দ কৰা বুলি শইকীয়া উল্লেখ কৰে । উল্লেখযোগ্য যে এই অভিযানত ছয়মাইল আৰু বেলতলাৰ দুখন ব্যৱসায়ীক প্ৰতিষ্ঠান ছীল কৰে প্ৰশাসনে ৷ ইয়াৰ উপৰি আজি জব্দ কৰা সামগ্ৰীসমূহ বৃদ্ধাশ্ৰম আৰু অনাথালয়ত বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰে পৌৰ নিগমে ৷

Exit mobile version