কাপোৰৰ মাস্ক চিলাইত ব্যস্ত ৰাষ্ট্ৰপতিৰ পত্নী সবিতা ক’বিন্দ

1587635967

ক’ভিড-১৯ ৰ বিৰুদ্ধে চলি থকা বিশ্বজোৰা যুঁজত এইবাৰ সৈনিকৰ ৰূপত অৱতীৰ্ণ হৈছে ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দৰ পত্নী সবিতা ক’বিন্দ। কৰে’না সংক্ৰমণৰ অধিক বিস্তাৰত বাধা দিবলৈ হাতে হাতে কামে নামি পৰিছে সবিতা ক’বিন্দ। ৰাষ্ট্ৰপতি ভৱনৰ পৰাই তেওঁ আগবঢ়াই নিছে এই যুঁজ। আশ্ৰয় গৃহৰ আৱাসীসকলৰ বাবে ৰাষ্ট্ৰপতিৰ পত্নীগৰাকীয়ে প্ৰস্তুত কৰি গৈছে ইখনৰ পিছত সিখন মাস্ক। ৰাষ্ট্ৰপতি ভৱনৰ ভিতৰৰ শক্তিহাটত বহিয়েই তেওঁ এইদৰে মাস্কবিলাক প্ৰস্তুত কৰিছে। ৰাষ্ট্ৰপতিৰ ৰামনাথ ক’বিন্দৰ পত্নী সবিতা ক’বিন্দে প্ৰস্তুত কৰা এই কাপোৰৰ মাস্কবিলাক মূলতঃ নতুন দিল্লীৰ নগৰাঞ্চলৰ ‘শেল্টাৰ ইমপ্ৰুভমেণ্ট ব’ৰ্ড’ৰ অধীনত থকা আশ্ৰয় গৃহৰ আৱাসীসকলৰ মাজত বিতৰণ কৰা হ’ব।

কালিৰ পৰা কাপোৰৰ এই মাস্কবিলাক প্ৰস্তুত কৰি থকা হৈছে। ৰাষ্ট্ৰপতি ভৱনৰ ভিতৰত বহি নিজ হাতে ইখনৰ পিছত সিখন মাস্ক চিলাই কৰি থকাৰ সময়তে তেওঁ নিজেও ৰঙা ৰঙৰ কাপোৰৰ এখন মাস্কৰে মুখখন ঢাকি ৰাখিছে। মাস্ক চিলাই কৰি আশ্ৰয় গৃহৰ আবাসীসকলৰ মাজত বিতৰণৰ মাধ্যমত ক’বিন্দে দিব বিচাৰিছে এক বাৰ্তা। মাস্ক পৰিধানেৰে নিজৰ মুখ ঢাকি ৰাখি কৰ’না সংক্ৰমণৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে দেশবাসীক প্ৰতিৰোধ আগবঢ়াই নিবলৈকো এই বার্তাৰ মাধ্যমত আহ্বান জনায় ক’বিন্দে। লগতে নিজকো সুৰক্ষিত ৰখাৰ বাবেও তেওঁ বাৰ্তা প্ৰেৰণ কৰে।

Exit mobile version