চিৰাঙৰ চাপাগুৰিত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ উপস্থিতিত উচ্চ স্তৰীয় বৈঠক 

IMG 20200424 142833

চিৰাং জিলাৰ চাপাগুৰিস্থিত চীগনেট পাৰ্ক  হোটেলত আজি অসমৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ উপস্থিতিত এক উচ্চ স্তৰীয় বৈঠক অনুষ্ঠিত হয় | ক’ভিড-১৯ সন্দৰ্ভত আৰু সাম্প্ৰতিক আইন শৃংখলা পৰিস্থিতিৰ ওপৰত পৰ্যালোচনা কৰাৰ উদ্দেশ্যৰে অনুষ্ঠিত বৈঠকত পশ্চিম অসমৰ গোৱালপাৰা, বৰপেটা, ধুবুৰী, দক্ষিণ শালমাৰা,বঙাইগাঁও  লগতে বিটিচিৰ কোকৰাঝাৰ আৰু চিৰাং জিলাৰ আৰক্ষী অধীক্ষক সকলৰ লগতে শীৰ্ষ বিষয়াসকল উপস্থিত থাকে | বৈঠকত অসমৰ পশ্চিম মণ্ডলৰ ডি আই জি ৰৌণাক আলী হাজৰিকা, বিটিএডি আই জি পি অনুৰাগ আগৰৱালা, ডি আই জি ভায়োলেট বৰুৱা সহ সংশ্লিষ্ট জিলা সমূহৰ শীৰ্ষ আৰক্ষী বিষয়াকে ধৰি বেটেলিয়ানৰ কে’বাজনো কমাণ্ডেণ্ট উপস্থিত থাকে |

বৈঠকৰ পাছত সংবাদ মাধ্যমৰ আগত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই সম্প্ৰতি ক’ভিড-১৯ সন্দৰ্ভত আৰক্ষীয়ে ৰোগী সকলৰ লগতে পোনপটীয়াকৈ কাম কৰিব লগা হোৱাৰ বাবে আৰক্ষীয়ে ২০০০ পিপিই কীট লাভ  কৰাৰ পাছত ইতিমধ্যে ১৫০০ টা বিতৰণ কৰা হৈছে বুলি উল্লেখ কৰে | ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ চিকিৎসক কৰ্মীয়ে প্ৰয়োগ কৰা পিপিই কীট কোন আৰক্ষীয়ে প্ৰয়োগ কৰিব তাক আলোচনা কৰা হৈছে বুলিও জনায় | আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই  আৰক্ষীৰ লোক সকলক এই মূহূৰ্তত আত্ম বিশ্বাস যোগোৱাৰ উদ্দেশ্য আজিৰ সজাগতা সভা অনুষ্ঠিত কৰা হৈছে বুলি উল্লেখ কৰি সাংবাদিকৰ আগত ৰাজ্যত তলাবন্ধৰ সময়ত অপৰাধৰ কাৰ্যকলাপ, গাৰ্হস্থ্য হিংসা কমি আহিছে বুলি প্ৰকাশ কৰে | এই অপৰাধ প্ৰৱণতা কমিছে যদিও আৰক্ষীয়ে পৰ্যৱেক্ষণ অব্যাহত ৰাখিছে | অসমৰ অপৰাধ প্ৰৱণতা বঢ়াৰ সম্ভাৱনা লৈ চাই আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই বিশ্ববিদ্যালয়ৰ সমাজতত্ব বিদক ইয়াৰ বাবে উদ্ভাৱনী ব্যৱস্থা উলিয়াবলৈ দায়িত্ব দিয়াৰ কথা উল্লেখ কৰে | অসমৰ সকলো আৰক্ষী, আৰক্ষী পৰিয়ালৰ লগতে বন কৰ্মীসকলৰ পৰিয়ালৰ সদস্যকো মাস্ক আৰু চেনিটাইজাৰ দিয়া হৈছে বুলি উল্লেখ কৰে |

Exit mobile version