বিষক্ৰিয়াত আক্ৰান্ত চিলনী

IMG 20200424 192141

দেশজুৰি অব্যাহত তলাবন্ধৰ সময়চোৱাৰ ভিতৰত শোণিতপুৰত জনাঞ্চলত বিপদজনক পৰিস্থিতিৰ সন্মূখীন হোৱা মুঠ ১৭টা বিভিন্ন বন্যপ্ৰাণীক ৰক্ষা কৰি সুৰক্ষিত স্হানত মোকলাই দিয়া হৈছে ৷ অৱশ্যে ইয়াৰ মাজতে, জিলাখনৰ পুঠিমাৰীত এটা পহুৰ মৃতদেহ উদ্ধাৰ হোৱাৰ উপৰি এটা শিহুৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ আজি এই কথা প্ৰকাশ কৰি স্হানীয় বন বিভাগৰ এক সূত্ৰই কয় যে, যোৱা ২৪ মাৰ্চৰ পৰা এইপৰ্যন্ত তেজপুৰ আৰু পাৰ্শ্বৱৰ্তী অঞ্চলৰ পৰা অজগৰ, ফেটীসাপ, ফেচা, কাছ আৰু চিলনীকে ধৰি মুঠ ১৭টা বন্যপ্ৰাণী বনকৰ্মীৰ লগতে একাংশ বন্যপ্ৰেমীৰ সহযোগত নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে শোণিতপুৰৰ অবৈতনিক বন্যপ্ৰাণী ৱাৰ্ডেন সৌৰভ বৰকটকীয়ে৷

উল্লেখযোগ্য যে, তেজপুৰৰ বেছেৰীয়াত এটা বিষধৰ ফেটী সাপ মাছধৰা জালত  তিনিদিনে আৱদ্ধ হৈ মৃত্যুৰে যুঁজি থকা অৱস্থাত একাংশ বন্যপ্ৰাণী প্ৰেমীৰ তৎপৰতাত সাঁপটো সুকলমে উদ্ধাৰ কৰা হয়৷ একেদৰে খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত হৈ চটফটাই থকা এটা চিলনীও উপযুক্ত চিকিৎসাৰ অন্তত সুস্থ হৈ উঠা ঘটনাই বন্যপ্ৰাণীপ্ৰেমী সকলক উৎসাহিত কৰিছে ৷ তলাবন্ধৰ সময়চোৱাত দেশৰ বিভিন্নস্হানত একাংশ লোকে বন্যপ্ৰাণী বধৰ এক অঘোষিত প্ৰতিযোগিতা চলাই অহাৰ বিপৰীতে একাংশলোকে যিকোনো বন্যপ্ৰাণীৰ সুৰক্ষাৰ স্বাৰ্থত অহৰ্নিশে কাম কৰি গৈছে ৷ এনে সময়তে, যোৱাকালি তেজপুৰৰ খৰাআটি নিবাসী পলাশ কৌশিকৰ বাসগৃহৰ চোতালত এটা চিলনী অসুস্থ অৱস্থাত পৰি চটফটাবলৈ ধৰে ৷ উৰিবলৈ সক্ষম নোহোৱা চিলনীটোক স্হানীয় বনবিভাগৰ সহযোগত সৰ্পবান্ধৱ সৌৰভ বৰকটকীয়ে কৌশিকৰ ঘৰৰ পৰা  তেজপুৰ পশুচিকিৎসালয়লৈ নি চিকিৎসাৰ ব্যৱস্থা কৰে ৷ পশুচিকৎসক মণিকা বৰদলৈৰ চিকিৎসাৰ অন্তত সুস্থ হৈ উঠা চিলনীটোক পাছত মুকলি কৰি দিয়া হয় ৷ চিকিৎসকে চিলনীটো খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত হোৱা বুলি প্ৰকাশ কৰিছে ৷

আনহাতে,তেজপুৰৰ বেছেৰীয়াত মুৰ্গীগঁড়ালৰ সুৰক্ষাৰ বাবে লগোৱা জালত যোৱা তিনিদিনে বন্দী হৈ মৃত্যুৰ স’তে যুঁজিছিল এটা ফেটী সাপে ৷ আজি এই বিষয়ে বেছেৰীয়াৰ বন্যপ্ৰাণী প্ৰেমী যুৱক দিব্যজ্যোতি নাথে দিয়া খবৰৰ ভিত্তিত শোণিতপুৰৰ অবৈতনিক বন্যপ্ৰাণী ৱাৰ্ডেন বৰকটকীয়ে বনবিভাগৰ সহযোগত জটিল অৱস্থাৰ পৰা ফেটী সাপটোক মুক্ত কৰি পাছত নিৰাপদ স্হানত মুকলি কৰি দিবলৈ সক্ষম হয়৷

Exit mobile version