ভাৰতীয় মালবাহী ৰে’লৰ অভিলেখ ৰচনা

indian railways 2

২২ দিনত ৪.৫৮ মিলিয়ন টন সামগ্ৰী সৰবৰাহ

ক’ভিড-১৯ৰ ভাইৰাছ সংক্ৰমণৰ ফলত অব্যাহত থকা দেশজোৰা তলাবন্ধৰ  সময়ছোৱাত ভাৰতীয় ৰে’লৱেই মালবাহী ৰে’লৰ জৰিয়তে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ পৰ্যাপ্ত সুনিশ্চিত কৰাৰ দিশত সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ কোনো অসুবিধা নোহোৱাকৈ সকলো ভাৰতীয়ৰ ঘৰৰ ৰন্ধনশাল যাতে স্বাভাৱিকভাৱে চলি থাকে, তাৰ প্ৰচেষ্টা অব্যাহত ৰাখি যোৱা ২২ এপ্ৰিলত ১১২ ৰেকত ৩.১৩ লাখ টন  খাদ্য সামগ্ৰী বোজাই কৰি ন এপ্ৰিলত ৯২ ৰেক (২.৫৭লাখ টন)ৰ লগতে ১৪ আৰু ১৮ এপ্ৰিলত ক্ৰমে ৮৯ ৰেক(২.৪৯লাখ টন) সামগ্ৰী বোজাই কৰাৰ অভিলেখ ভংগ কৰিছে ৷ উল্লেখ্য যে পহিলা এপ্ৰিলৰ ২২ এপ্ৰিললৈ ভাৰতীয় ৰে’লৱেই বৰ্তমান ৪.৫৮ মিলিয়ন টন সামগ্ৰী সৰবৰাহ কৰা বিপৰীতে এই সময়ছোৱাত যোৱা বছৰত ১.৮২ মিলিয়ন সামগ্ৰী বোজাই কৰাৰ লগতে পৰিবহণ কৰিছিল৷

Exit mobile version