ৰঙামাটিত পথ দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু : টি্ক-টক ভিডিঅ’ই  ললে প্ৰাণ 

tiktok
গোলাঘাট জিলাৰ দেৰগাঁও থানাৰ অন্তৰ্গত ৰঙামাটিৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে দুপৰীয়া  সংঘঠিত হোৱা এক মটৰ চাইকেল দুৰ্ঘটনাত মুন্না মোদী (১৫ ) নামৰ এজন যুৱক থিতাতে নিহত হয়। ঘটনাক্ৰমে ৰঙামাটি বাগিচা এলেকাৰ প্ৰায় ১০/১৫ জনীয়া এটি যুৱকৰ দলে ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত একেলগে গোট খাই নিজৰ নিজৰ মবাইলত টি্ক-টক ভিডিঅ’ বনাই আছিলে, তেনে সময়তে এখন আৰক্ষীৰ গাড়ি আহি থকা দেখা পাই যুৱকৰ দলটোৱে সেই স্থান এৰি পলাই যাবলৈ চেষ্টা কৰাত সেই সময়তে  বিপৰীত দিশৰ পৰা অহা এজন যুৱক মটৰ চাইকেলত খুন্দা মাৰাৰ ফলত মুন্না মোদী নামৰ যুৱকজনে ঘটনাস্থলিতে মৃত্যুক আকোঁৱালি ল’ব লগা হয়  আৰু বাইক আৰোহী জনো গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত  হয়।
লগে লগে গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত বিনোদ কুৰ্মী নামৰ যুৱক জনক বাগিচাখনৰে চিকিৎসালয়লৈ নিয়ে যদিও তাৰ পৰা উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰে | উল্লেখ্য যে, সাম্প্ৰতিক কৰ’না  প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশত তলাবন্ধৰ অব্যাহত থকাৰ সময়তে এইদৰে আইন উলঙ্ঘা কৰি নীতি বহি:ভুত কামত লিপ্ত হোৱাৰ  ফলস্বৰূপে অকালতে প্ৰাণ হেৰুৱাব লগা হল যুৱকজনে। স্থানীয় লোকৰ ভাষ্য অনুসৰি মৃত যুৱকজনৰ ঘৰ -নগাওঁত আৰু  তেওঁ নিজৰ বায়েকৰ ঘৰত আছিল |
Exit mobile version