০ মহানগৰীৰ কিতাপৰ দোকান খোলাৰ ৰাখিবৰ বাবে কামৰূপ (মহানগৰ) জিলা প্ৰশাসনে জাৰি কৰিলে নতুন নিৰ্দেশনা ।
০ পূৰ্বৰ নিৰ্দেশনাত উল্লেখ থকা সময়ৰ কিছু সাল-সলনি |
০ নতুন নিৰ্দেশনাত সপ্তাহত তিনিদিন খোলা থাকিব কিতাপৰ দোকানসমূহ ।
০ সপ্তাহৰ সোমবাৰ,বুধবাৰ আৰু শুকুৰবাৰে পুৱা ১০বজাৰ পৰা দুপৰীয়া এক বজালৈ খোলা থাকিব দোকানসমূহ ।
০ কেৱল শিক্ষাৰ্থীৰ বাবে খুলিব পাৰিব কিতাপৰ দোকানসমূহ ।
০ হোম ডেলিভাৰীৰ ব্যৱস্থা কৰিব লাগে কিতাপৰ দোকানসমূহে ।
০ কোনো অভিভাৱক তথা শিক্ষাৰ্থীয়ে কিতাপ ক্ৰয় কৰিবলৈ যাওঁতে ব্যৱহাৰ কৰিব নোৱাৰিব যান-বাহন।
০ কিতাপ ক্ৰয় কৰিবলৈ যাওঁতে কোনোধৰণৰ অনুজ্ঞাপত্ৰ ল’ব নালাগে |
০ মানি চলিব লাগিব সামাজিক দূৰত্ব।০ দোকানৰ কৰ্মচাৰীসকলে মাক্স ব্যৱহাৰ আৰু থাকিব লাগিব চেনিটাইজাৰ ব্যৱস্থা ।
০ দোকানৰ কৰ্মচাৰীসকলে যান-বাহন লৈ আহিলে দেখুুৱাব লাগিব পৰিচয়-পত্ৰ |