আপোনাৰ স্বাস্থ্য কেনে আছে? প্ৰতিটো পুৱাই দেশৰ জেষ্ঠ নেতালৈ প্ৰধানমন্ত্ৰীৰ বিশেষ ফোন 

narendra 1586842705
আপোনাৰ স্বাস্থ্য কেনে আছে? এইয়া দেশৰ জেষ্ঠ নেতাসকললৈ দেশৰ এজন বিশেষ ব্যক্তিৰ ফোন ৷ আৰু এই বিশেষ নেতাজন হৈছে সম্প্ৰতি সমগ্ৰ বিশ্বতে কৰ’না ভাইৰাছক প্ৰতিৰোধৰ ক্ষেত্ৰত বিচক্ষণতাৰে দেশবাসীৰ প্ৰতি লোৱা দায়িত্বৰে বিশেষভাৱে সন্মানিত,চৰ্চিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সমগ্ৰ বিশ্বতে সম্প্ৰতি কৰ’না ভাইৰাছৰ আতংকই বিৰাজ কৰিছে ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ দেশত তলাবন্ধ ঘোষণা কৰিছে ৷ ঠিক তেনে সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ বৰিষ্ঠ নেতাসকললৈ প্ৰায়ে পুৱা নবজাত ফোন কৰি পাঁচ মিনিটমান স্বাস্থ্যৰ খবৰ লয় ৷ এই সন্দৰ্ভত এজন বিষয়াই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী এই জেষ্ঠ্য নেতাসকলৰ উপদেশক সন্মানেৰে গ্ৰহণ কৰে।
প্ৰতিদিনে নিজৰ দৈনন্দিন কাৰ্য আৰম্ভ কৰাৰ প্ৰাকমুহূৰ্তত মোদীয়ে দলৰ জেষ্ঠ্য নেতাসকলৰ লগত বাৰ্তালাপ কৰে ৷প্ৰায় ৮০ বৰ্ষৰ ১০০ জন জেষ্ঠ্য নেতাৰ লগতে মোদীয়ে বাৰ্তালাপ কৰি কৰ’না ভাইৰাছৰ লগতে দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ সন্দৰ্ভত মত বিনিময় কৰে। বৰ্তমান দেশত প্ৰযোজ্য কৰা তলাবন্ধৰ সন্দৰ্ভত দলৰ জেষ্ঠ্য নেতাসকলৰ অনুভৱ কি? সেই কথা জানিব বিচাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷অৱশ্যে এই জেষ্ঠ্য নেতাসকলৰ লগত বিগত বহু দিনৰ পৰা মোদীয়ে সু সম্পৰ্ক বজাই ৰাখিছে।
এই প্ৰসংগত চামল লাল গুপ্তাই কয়”প্ৰধানমন্ত্ৰী মোদীৰ লগত মোৰ ভাল সম্পৰ্ক আছে। প্ৰধানমন্ত্ৰী মোদীয়ে মোক কয় যে আপুনি তলাবন্ধৰ সময়তো ঘৰতে ব্যৱসায় অব্যাহত ৰাখিছে” ৷ লগতে মোদীয়ে  স্বাস্থ্যৰ খবৰ লোৱাত আচৰিত হৈ পৰে গুপ্তা ৷ জম্মুৰ বাসিন্দা প্ৰাক্তন প্ৰতিৰক্ষামন্ত্ৰী চামল লাল গুপ্তাৰ লগত বুধবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে বাৰ্তালাপ কৰে ৷মোদীয়ে তেওঁৰ লগত কেন্দ্ৰীয় শাসিত দেশ জম্মু কাশ্মীৰত কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰিবৰ কাৰণে লোৱা পদক্ষেপৰ সন্দৰ্ভত চৰ্চা কৰে ৷
মোডীয়ে লগতে উডুপিৰ পৌৰনিগমৰ সভাপতি আৰু আৰ এছ এছ কৰ্মী সোমাশেখৰ ভাটৰ লগতো তলাবন্ধ প্ৰসংগত মতবিনিময় কৰে ৷আনহাতে উত্তৰ প্ৰদেশৰ কুশীনগৰৰ প্ৰাক্তন বিধায়ক শ্ৰী নৰেইন লগত বাৰ্তালাপ কৰি স্বাস্থ্যৰ বুজ লয়। উল্লেখযোগ্য যে বিগত কেইবা বছৰৰ পূৰ্বে গুজৰাটৰ জুনাগড়ৰ প্ৰাক্তন ৯৯ বছৰীয়া ৰত্ন বাপালৈ প্ৰধানমন্ত্ৰী মোদীয়ে ফোন কৰি বাৰ্তালাপ কৰে আৰু স্বাস্থ্যৰ বুজ লয় ৷উল্লেখযোগ্য যে প্ৰাক্তন বিধায়ক ৰত্ন  বাপাই পেঞ্চনৰ ৫০ হাজাৰ সাচতীয়া টকা কৰ’না ভাইৰাছৰ লগত মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰৰ পুঁজিলৈ আগবঢ়াই৷ ৰত্ন বাপাৰ এই সাহায্যৰ কাৰণে প্ৰধানমন্ত্ৰী মোদীয়ে ধন্যবাদ জ্ঞাপন কৰে ৷
Exit mobile version