অসমত উপস্থিত হ’ল কোটাত আৱদ্ধ হোৱা ৩৯১ গৰাকী  শিক্ষাৰ্থী

ASTC

অসমৰ বিভিন্ন জিলাৰ ছাত্ৰ-ছাত্ৰী তলাবন্ধৰ ফলত বহিঃৰাজ্যৰ বিভিন্ন স্হানত আৱদ্ধ হৈ পৰে। সেইসকল ছাত্ৰ-ছাত্ৰীক অসম চৰকাৰে নিজৰ দায়িত্বত অসমলৈ ঘুৰাই অনাৰ ব্যৱস্হা কৰাৰ পাছত আজি ৰাজস্থানৰ কোটাত প্ৰায় এমাহ ধৰি আৱদ্ধ হৈ থকা অসমৰ শিক্ষাৰ্থী সকলক সুকলমে আজি অসম চৰকাৰে নিজ গৃহভূমিলৈ ওভতাই আনে। বহিঃৰাজ্যৰ পৰা অহা শিক্ষাৰ্থী সকল বিয়লি অসমৰ দুৱাৰ স্বৰূপ শ্ৰীৰামপুৰত আহি উপস্থিত হয়।

বহিঃৰাজ্যত অধ্যয়ন কৰিবলৈ যোৱা অসমৰ ৩৯১ গৰাকী শিক্ষাৰ্থী তলাবন্ধৰ ফলত বিগত এক মাহ ধৰি ৰাজস্হানৰ কোটা চহৰত আৱদ্ধ হৈ থকাৰ পাছত অসম চৰকাৰৰ তত্ত্বাৱধানত আজি ছাত্ৰ-ছাত্ৰী সকলক লাক্সাৰি বাছত নিজ ভূমিলৈ ঘূৰাই অনা হয়। ৰাজস্হানৰ পৰা ১৭ খন বাছ যোগে এই সকল শিক্ষাৰ্থীক অসমলৈ লৈ অনাৰ এই খবৰ লাভ কৰাৰ অসমৰ প্ৰবেশদ্বাৰ শ্ৰীৰামপুৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলে কোকৰাঝাৰ জিলা প্ৰশাসনে।

আজি বিয়লি ৫-৩০ বজাত বংগৰ সীমা অতিক্ৰম কৰাৰ পাছত শ্ৰীৰামপুৰত আহি উপস্থিত হয় ছাত্ৰ-ছাত্ৰীৰ দলটো। উল্লেখ্য যে ২৪ এপ্ৰিলত ৰাজস্হানৰ পৰা ১৭ খন লাক্সাৰী বাছত এইসকল ছাত্ৰ-ছাত্ৰীক অসমলৈ লৈ অনা হয়। ছাত্ৰ-ছাত্ৰীৰ এই দলটোক পোনে পোনে লৈ যোৱা হ’ব গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামৰ কোৱাৰেণ্টাইনত। তাত স্বাস্হ্য পৰীক্ষাৰ অন্তত প্ৰয়োজন অনুসৰি তেওঁলোকক কোৱাৰেন্টাইনত ৰখা হ’ব বুলি প্ৰশাসনিক সূত্ৰত প্ৰকাশ পায়।

Exit mobile version