কৰ’না মহামাৰীৰ পাছত অপেক্ষা কৰি আছে দুৰ্ভিক্ষই

coronavirus 4833754 1920
কৰ’না মহামাৰী অন্ত পৰাৰ পাছত বিশ্ববাসীৰ বাবে অপেক্ষা কৰি আছে ভয়াৱহ দুৰ্ভিক্ষই । এই সতৰ্কবাণী দিছে ৰাষ্ট্ৰসংঘই । ৰাষ্ট্ৰসংঘই জনোৱা অনুসৰি বিশ্বৰ বৃহৎ অংশ এটাত ইতিমধ্যে খাদ্যৰ অভাৱ আৰম্ভ হৈছে । খাদ্যৰ অভাৱে সোনকালেই দুৰ্ভিক্ষৰ আকাৰ লোৱাৰ আশংকা কৰা হৈছে । অতি সোনকালে উপযুক্ত পদক্ষেপ গ্ৰহণ নকৰিলে ভয়াবহ  দুৰ্ভিক্ষৰ সাক্ষী হ’ব বিশ্ববাসী । ৰাষ্ট্ৰসংঘৰ বিশ্ব খাদ্য কাৰ্যসূচীৰ কাৰ্যবাহী সঞ্চালক ডেভিদ বিচলেৰে জনোৱা অনুসৰি দ্বিতীয় বিশ্বযুদ্ধৰ পাছত মানৱ সভ্যতাই সম্প্ৰতি সবাতোকৈ ভয়াবহ  দুৰ্যোগৰ সন্মুখীন হৈছে।
ছিৰিয়া য়েমেন আদি দেশৰ যুদ্ধৰ আতংক।ইথিঅ’পিয়া আদি দেশ প্ৰাকৃতিক দুৰ্যোগ অথবা অৰ্থনৈতিক মন্দাৱস্থাৰ কবলত । এনে সময়তে কৰ’না ভাইৰাছে বিশ্ববাসীক দুৰ্ভিক্ষৰ দিশে ঠেলি দিছে ।বিচলেৰে আৰু জনোৱা অনুসৰি বৰ্তমান বিশ্বৰ প্রায় ৮৩কোটি মানুহে নিশা ক্ষুধাৰ জ্বালাৰ মাজতে টোপনি যাবলগীয়া হয় । ১৩কোটি মানুহে দৈনিক এমুঠি খাদ্যও লাভ কৰিবলৈ সক্ষম হোৱা নাই । কৰ’নাৰ প্ৰভাৱত চলিত বৰ্ষৰ শেষলৈ আৰু ১৩কোটি মানুহে দুৰ্ভিক্ষৰ কবলত পৰিব । বিশ্ব খাদ্য কাৰ্যসূচীৰ অধীনত ১০কোটি মানুহৰ হাতত খাদ্য তুলি দিয়াৰ চেষ্টা কৰা হৈছে । সম্প্ৰতি বিশ্বৰ তিনি কোটি মানুহে এই কাৰ্যসূচীৰ মাধ্যমতে জীৱন ৰক্ষা কৰি আছে ।
বিচলেৰ সতৰ্কবাণীত অশনি সংকেত ইতিমধ্যে দেখিবলৈ পাইছে সংশ্লিষ্ট বিশেষজ্ঞ সকলে । বৰ্তমান তলাবন্ধৰ ফলত ব্যৱসায়-বাণিজ্য সকলো বন্ধ । ক্ষুদ্ৰ ব্যৱসায়ী, দিন হাজিৰা কৰা লোক তথা বিভিন্ন ক্ষেত্ৰত শ্ৰমিকসকলৰ কাম-কাজ নোহোৱা হৈ পৰিছে । ক’ৰনাৰ প্ৰভাৱত অধোগামী হৈছে মুঠ ঘৰুৱা উৎপাদনৰ হাৰ। ফলত বৰ্তমান অৱস্থাতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম নহ’লে দুৰ্ভিক্ষক বাধা দিয়াটো সম্ভৱ নহ’ব বুলি মত ব্যক্ত কৰিছে অৰ্থনীতিবিদ সকলে ।
Exit mobile version