গোলাঘাট জিলাবাসীৰ বাবে এক সু-খবৰ

IMG 20200426 WA0016

গোলাঘাট জিলাবাসীৰ বাবে এক সু-খবৰ । গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন কৰ’না আক্ৰান্ত চাৰিজন ৰোগী ৰোগমুক্ত । আজি গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় পৰা  ৰিলিজ দিয়া হয় উক্ত চাৰিজন ৰোগীক । সম্প্ৰতি ক’ৰনা ভাইৰাছ ক’ভিড-১৯ বীজাণুমুক্ত হৈ সম্পূৰ্ণ সুস্থ হোৱা  ৰোগী কেইজন হ’ল দেৰগাঁও দীঘলীপামৰ আনোৱাৰা হুছেইন, মৰঙী ঢুলীয়া গাঁৱৰ এলিনা বেগম, মেৰাপানী ভেলৌগুৰিৰ ক্ৰমে ৰহিমুদ্দিন আহমেদ আৰু  চালেহা বেগম । গোলাঘাট জিলাৰ উপায়ুক্ত বিভাষ চন্দ্ৰ মোডী, যুটীয়া স্বাস্থ্য সঞ্চালক তৌফিক ৰহমাণ, আসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ উত্তম দত্তই ৰোগমুক্ত চাৰিজনক একোখনকৈ গামোচা আৰু ফল; মূলৰ পাচিৰে চিকিৎসালয়ৰ পৰা বিদায় দিয়ে ।

 

বৰ্তমান কৰ’নাত আক্ৰান্ত হৈ গোলাঘাট অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা একমাত্ৰ ৰোগী গৰাকী হৈছে মেৰাপানী ইছলামপুৰৰ জেছমিন বেগম । উল্লেখ্য যে গোলাঘাটত মুঠ ৯ জন কৰ’না ভাইৰাছ আক্ৰান্ত ৰোগীৰ ভিতৰত ৮ জনেই ইতিমধ্যে ৰোগমুক্ত হোৱাত চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হৈছে । ইয়াৰে চাৰি জনক যোৱা ১৮ এপ্ৰিলত স্বাস্থ্য মন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা গোলাঘাটত উপস্থিত থাকি  ৰিলিজ দিছিল । আজি ৰিলিজ দিয়া চাৰিজনক অৱশ্যে  ফেচিলেট কোৱাৰেন্টাইনত গোলাঘাট নগৰৰ এনাজৰী বিবাহ ভৱনত ১৪ দিনৰ নিৰিক্ষণত ৰখা হ’ব । অন্যহাতে, আজি ৰিলিজ দিয়া চাৰিজন ৰোগীয়ে বিশেষভাৱে স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কষ্টৰ শলাগ লোৱাৰ লগতে লগতে  স্বাস্থ্য মন্ত্ৰী গৰাকীৰ ভৱিষ্যতৰ সপোন সফল হোৱাৰ কামনা কৰে । উপায়ুক্ত বিভাস চন্দ্ৰ মোদিয়ে কয় যে, চিকিৎসক,স্বাস্থ্য কৰ্মী সকলৰ চিকিৎসা ব্যৱস্থাত ৰোগীসকল অত্যন্ত সুখী । ৰোগী সুখী হ’লেহে চৰকাৰ, প্ৰশাসন, স্বাস্থ্য বিভাগ সুখী হয় । ই আমাৰ আমাৰ বাবে বিশেষ সফলতা বুলি উল্লেখ কৰি চিকিৎসক, নাৰ্চ, স্বাস্থ্য কৰ্মী সকলৰ ত্যাগ আৰু কষ্টৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে ।

Exit mobile version