কৰ’না ভাইৰাছ সংক্ৰমণৰ বাবে আজি বিশ্ববাসী ত্ৰাসিত।এইবিধ ভাইৰাছৰ সংক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ সকলোৱে সতৰ্কতা অৱলম্বন কৰিছে। আনকি বহুতো লোকে শাক-পাচলি , ফলমূল আদি বজাৰৰ পৰা ঘৰলৈ আনি বিভিন্ন প্ৰকাৰে বীজানুমুক্ত কৰিবলৈ চেষ্টা চলাইছে। কিছুমানে শাক-পাচলি, ফলমূল আদি পানীত ডেটল মিহলাই ধুইছে। কিছুমানে আকৌ চাবোন পানী আদিৰে ধুইহে ঘৰত সোমোৱাইছে।
পিছে এনেদৰে শাক-পাচলি ধুই ৰন্ধাৰ বিজ্ঞানসন্মত ভিত্তি নাই। চিকিৎসা শাস্ত্ৰত শাক পাচলি আদি ভালদৰে ধুই ৰান্ধিব লাগে বুলি উল্লেখ কৰা আছে। পানীত ভালদৰে ধুই লৈ ৰান্ধিলে ইয়াত থকা বীজাণু আদি ধ্বংস হয়। অৱশ্যে চালাড আদি প্ৰস্তুত কৰি বেছি সময় ৰাখি থব নালাগে। কাৰণ বেছি সময় ৰাখি থ’লে কেতিয়াবা মাখি আদিৰ দ্বাৰা ৰোগৰ বীজাণু পেটত প্ৰৱেশ কৰাৰ আশংকা নুই কৰিব নোৱাৰি, কিন্তু শাক পাচলি ৰান্ধিলে ই বীজাণু মুক্ত হৈ পৰে।
বহুতে অতি সম্প্ৰতি কিছুমান উৰা বাতৰি আৰু ভ্ৰান্ত ধাৰণাৰ বশৱৰ্তী হৈ শাক পাচলি আদি চাবোন পানী, ডেটল পানীৰে বীজাণুমুক্ত কৰিবলৈ ধৰিছে। এনে কৰাৰ ফলত শৰীৰৰ বিভিন্ন ধৰণৰ ৰাসায়নিক বিক্ৰিয়া হোৱাৰহে সম্ভৱনা থাকে। আনকি ডেটল, চাবোন, চেনিটাইজাৰ আদিত থকা বিভিন্ন ৰাসায়নিক উপাদান এনেদৰে শৰীৰত প্ৰৱেশ কৰাৰ পিছত তেজত মিহলি হৈ লাহে লাহে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ ওপৰত প্ৰভাৱ পেলোৱাৰ আশংকা নথকা নহয়। সেইবাবে বজাৰৰ পৰা ক্ৰয় কৰা শাক-পাচলি, ফলমূল আদি পানীত ভালদৰে ধুই লৈ ৰন্ধাৰ ওপৰতহে সকলোৱে গুৰুত্ব প্ৰদান কৰা উচিত।