২৮ এপ্ৰিলৰ পৰা ৰাজ্যত নিৰ্দিষ্ট ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ সম্ভৱনা

salil lockdown

অহা তিনি এপ্ৰিলত অন্ত পৰিবলগীয়া দ্বিতীয় পৰ্যায়ৰ তলাবন্ধৰ আগমুহূৰ্তত কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে কে’বাটাও ক্ষেত্ৰত সীমাবদ্ধতা ৰাখি শিথিলতা গ্ৰহণৰ সিদ্ধান্ত লৈছে। ইয়াৰ ভিতৰত ব্যৱসায়িক প্ৰতিষ্ঠানক মূল লক্ষ্য কৰি গৃহ মন্ত্ৰণালয়ে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি হট স্পটৰূপে চিহ্নিত কৰা অঞ্চলবোৰক বাদ দি তুলনামূলকভাৱে নিৰাপদ স্থানবোৰত পঞ্জীয়ণকৃত সকলো প্ৰকাৰৰ দোকান খুলিব পাৰিব। অৱশ্যে কোনো ধৰণৰ শ্বপিং মল খোলাৰ অনুমতি দিয়া হোৱা নাই। খুলিব পাৰিব কেৱল ঘৰৰ ওচৰত থকা দোকান আৰু আৱাসিক অঞ্চলত থকা বিপণীহে। অৱশ্যে এই দোকানবোৰতো স্বাস্থ্যসুৰক্ষাৰ সকলোবিধি পালন কৰিব লাগিব। তাৰ অংশ হিচাপে দোকানবোৰত ৫০ শতাংশ কৰ্মচাৰীহে নিয়োগ কৰিব পাৰিব। ইপিনে, ই-কমাৰ্চৰ লগত জড়িত প্ৰতিষ্ঠান সমূহে কেৱল অত্যাৱশ্যকীয় সামগ্ৰীহে গ্ৰাহকক যোগান ধৰিব পাৰিব। চৰকাৰৰ নিৰ্দেশটোত সুৰা আৰু সেই জাতীয় সামগ্ৰী বিক্ৰীৰ অনুমতি দিয়া হোৱা নাই । গতিকে, সুৰা আৰু নিচা জাতীয় অন্য সামগ্ৰীৰ বিক্ৰীত নিষেধাজ্ঞা অব্যাহত আছে।

কেন্দ্ৰীয় চৰকাৰৰ এনে নিৰ্দেশনাৰ পিছত অসমত কেবাটাও ক্ষেত্ৰত শিথিলতা গ্ৰহণৰ সম্ভৱনা আছে। বিশেষকৈ ব্যৱসায়িক ক্ষেত্ৰখনৰ লগত জড়িত একাংশ বিষয়ত সীমাবদ্ধতা ৰাখি তেনে শিথিলতা গ্ৰহণৰ সম্ভৱনীয়তা আছে বুলি দিছপুৰৰ উচ্চস্তৰীয় সূত্ৰই সদৰী কৰে। অহা ২৭ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগত বাৰ্তালাপ কৰিব। ৰাজ্যবোৰত ক’ভিড-১৯ শেহতীয়া পৰিস্থিতি মুখ্যমন্ত্ৰী সকলৰ পৰা বুজ লোৱা আৰু তলাবন্ধৰ ক্ষেত্ৰত তেওঁলোকৰনো মতামত কি    সেই বিষয়বোৰে এই বাৰ্তালাপত অগ্ৰাধিকাৰ লাভ কৰিব। ইয়াৰ পাছতে অসম চৰকাৰৰ এখন কেবিনেট বৈঠক অনুষ্ঠিত হ’ব। সেই বৈঠকতে অসমে কি কি ক্ষেত্ৰত আগন্তুক দিনত শিথিলতা গ্ৰহণ কৰিব সেয়া নিশ্চিত হ’ব।

হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰত সদৰী কৰে যে অহা ২৭ এপ্ৰিলত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হ’ব আৰু সকলো ঠিক-ঠাক থাকিলে ২৮ এপ্ৰিলৰ পৰা অলপ- অলপকৈ দোকান খোলাৰ অনুমতি প্ৰদানৰ সম্ভৱনা আছে। অৱশ্যে তেতিয়াও সামাজিক দূৰত্ব বর্তাই ৰাখিহে ব্যৱসায়িক কাম-কাজ কৰিব পাৰিব বুলি কয় মন্ত্ৰীজনে মন্তব্য কৰে।

Exit mobile version