ৰাজ্যৰ কেৱল ছখন জিলাতহে গাহৰি কিনা-বেচা বন্ধ : সংবাদমেল যোগে স্পষ্ট কৰিলে মন্ত্ৰী অতুল বৰাই

IMG 20200426 WA0013

০ দেওবাৰে পশুধন মন্ত্ৰী অতুল বৰাৰ সংবাদমেল

০ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত সংবাদমেল সম্বোধন |

০ ৰাজ্যৰ ছখন জিলাত  অস্বাভাৱিক হাৰত জ্বৰ সদৃশ অচীন ৰোগত মৃত্যু হৈছে গাহৰি |

০ যোৱা দিনকেইটাত ধেমাজী, লক্ষীমপুৰ, ডিব্ৰুগড়,  শিৱসাগৰ,  যোৰহাট,  বিশ্বনাথ জিলাত কে’বা শতাধিক  গাহৰিৰ  মৃত্যু |

০ সংক্ৰমণ ৰোধ কৰিবলৈ  যুদ্ধকালীন তৎপৰতাৰে পৰিকল্পনা যুগুত |

০ প্ৰতিখন জিলাত ডি ডি চিৰ অধ্যক্ষতাত এই সংক্ৰান্তত সমিতি গঠনৰ নিৰ্দেশ |

০ সংক্ৰমণ ৰোধ কৰাৰ সন্দৰ্ভত পশু চিকিৎসা মহাবিদ্যালয়ৰ বিজ্ঞানীৰ লগত আলোচনা |

০ সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰৰ তৰফৰ পৰা শনিবাৰে কে’তবোৰ নিৰ্দেশনা দিয়া হৈছে |

০ কেৱল ধেমাজী, লক্ষীমপুৰ, ডিব্ৰুগড়,  শিৱসাগৰ,  যোৰহাট,  বিশ্বনাথ জিলাতহে গাহৰি কিনা-বেচা, মাংস বিক্ৰী বন্ধ কৰা হৈছে |

০ গাহৰিৰ খাদ্য বিক্ৰী বন্ধ কৰা নাই কিন্তু এখন ফ্ৰামৰ পৰা অন্য ফ্ৰামলৈ নিয়া বন্ধ কৰা হৈছে |

০ সমগ্ৰ ৰাজ্যত চি এছ এফ প্ৰতিষেধক ক্ষীপ্ৰতাৰে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে |

০গাহৰিৰ নমুনা সংগ্ৰহৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে |

০ ৰাজ্যৰ তিনিটা পৰীক্ষাগাৰত কেৱল ১০০ নমুনাহে পৰীক্ষা কৰাৰ সুবিধা আছে এই সংক্ৰান্তত স্বাস্থ্য বিভাগৰ স’তে আলোচনা কৰা হৈছে |

০ বনৰীয়া গাহৰিলৈ এই বীজাণু সংক্ৰমণৰ অধিক আশংকা কৰি সংশ্লিষ্ট অঞ্চলসমূহত সতৰ্কতা আৰু তীক্ষ্ণ নিৰীক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে |

০ বিশেষকৈ কাজিৰঙা আৰু লাওখোৱাৰ উপৰি অন্যান্য বনাঞ্চলত বহু বনৰীয়া গাহৰি আছে যিবোৰ ঘৰচীয়া গাহৰিৰ সংস্পৰ্শলৈ আহে |

০ বীজাণু সংক্ৰমণ যাতে সম্প্ৰসাৰিত হব নোৱাৰে কাজিৰঙাৰ ওচৰ-পাজৰ গাঁওসমূত সতৰ্কতা অবলম্বন কৰা হৈছে |

 

Exit mobile version