কৰ’নাত দুই লক্ষাধিকৰ মৃত্যু

coronavirus phishing featured

মাত্ৰ ৩৭ দিনতেই ১০ হেজাৰৰ পৰা দুই লক্ষাধিকলৈ বৃদ্ধি হ’ল মৃতকৰ সংখ্যা

কৰ’নাৰ গ্ৰাসত ত্ৰস্তমান হৈছে সমগ্ৰ বিশ্ব। বিশ্বৰ আগশাৰীৰ দেশসমূহক ইয়াৰ মৃত্যুযজ্ঞই কঁপাই তুলিছে। নানা বাধা নিষেধ, সামাজিক দূৰত্ব, তলাবন্ধৰ দৰে সতৰ্কতাৰ প্ৰায় সকলো ব্যৱস্থাই পূৰ্ণ কৰাৰ পিছতো কৰ’না আক্ৰমণত ক্ষত-বিক্ষত হৈছে বিশ্ব। প্ৰতিদিনে কেবাগুণে বৃদ্ধি হবলৈ ধৰিছে আক্ৰান্ত আৰু মৃতকৰ সংখ্যা। বিশ্বত আজি কৰ’নাৰ আক্ৰমণৰ ফলত মৃতকৰ সংখ্যাই দুই লাখৰ অতিক্ৰম কৰিলে।

বিগত বৰ্ষৰ শেষৰ সময়ছোৱাত চীনৰ হুবেই প্ৰদেশৰ উহানৰ বাবে প্ৰথমে আৰম্ভ হয় ক’ভিড-১৯ ৰ সংক্ৰমণ। চলিত বৰ্ষৰ ফেব্ৰুৱাৰীৰ পৰা সমগ্র বিশ্বই ইয়াৰ মাৰাত্মক ৰূপ প্ৰত্যক্ষ কৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি বিশ্বৰ ১৯৫ খন দেশৰ ভিতৰত ১৮৫ খনতে কৰ’না বিয়পি পৰিছে। আমেৰিকাৰ ভিতৰত ভাৰত, ৰাছিয়াৰ পৰা ব্ৰাজিল, ইৰাণৰ পৰা ইটালীকে ধৰি বিশ্বৰ প্ৰায় সকলো প্ৰান্ততে সংক্ৰমণ বিয়পিছে। প্ৰতি মুহূৰ্ততে কৰ’নাৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাইছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, এই ভাইৰাছ বিশ্বত দীঘলীয়া সময় থাকিব আৰু সন্ত্ৰাস অব্যাহত থাকিব।

শেহতীয়া তথ্য অনুসৰি যোৱা ১০ ফেব্ৰুৱাৰীত বিশ্বজুৰি ক’ৰণাত মৃতকৰ সংখ্যা আছিল ১০১৮ জন। ইয়াৰ পাছত মাত্ৰ ১৪দিনৰ পিছত মৃতকৰ সংখ্যাই বিশ্বজুৰি ৫০ হেজাৰৰ সীমা অতিক্ৰম কৰিলে। যোৱা দুই এপ্ৰিলত মৃতকৰ সংখ্যা বৃদ্ধি হৈছিল ৫১,১০৮জন। ইয়াৰ পৰৱৰ্তী আঠ দিনৰ ভিতৰতে এক লক্ষ হল মৃতকৰ সংখ্যা। ইয়াৰ পিছত মাত্ৰ সাত দিনৰ ভিতৰত এই সংখ্যা ডেৰ লক্ষাধিক হয়। তাৰ পিছত দুই লক্ষ্  অতিক্ৰম কৰিবলৈ মাত্ৰ আঠ দিন সময়ৰ প্ৰয়োজন হয়। অৰ্থাৎ সমগ্ৰ বিশ্বজুৰি মৃতকৰ সংখ্যা এহেজাৰৰ পৰা ১০ হেজাৰ হবলৈ ৩৮ দিন প্ৰয়োজন হৈছিল। ইয়াৰ পাছৰ ৩৭ দিনত এই সংখ্যা দুই লক্ষ্ অতিক্ৰম কৰিলে। প্ৰতিষেধকবিহীন এই ভাইৰাছে প্ৰতিনিয়ত এইদৰেই নিঃশেষ কৰিছে মানুহৰ জীৱন।

ক’ভিড-১৯ৰ সৰ্বাধিক ক্ষতি হৈছে আমেৰিকাত। জন হপকিন্স ইউনিভাৰ্চিটিৰ পৰিসংখ্যা অনুসৰি আমেৰিকাত মুঠ আক্ৰান্তৰ সংখ্যা প্ৰায় ১০ লাখ হৈছে। মৃতকৰ সংখ্যাও হ’ব প্ৰায় ৫৪ হেজাৰ। আমেৰিকাৰ স্বপ্ন নগৰী খ্যাত নিউয়ৰ্কতো মৃতকৰ সংখ্যা প্ৰায় ১৮ হেজাৰ হব। একেদৰে বিপৰ্যস্ত ইউৰোপৰ দেশসমূহ। স্পেইন ৰ পৰা ইটালী, ফ্ৰান্স ৰ পৰা জাৰ্মানী, ব্ৰিটেইন ৰ পৰা বেলজিয়াম সকলোতে ক’ৰণাই হাত দিছে।

ভাৰতৰ পৰিস্থিতি ইউৰোপ আমেৰিকাৰ দৰে নহ’লেও দৈনিক আক্ৰান্তৰ সংখ্যা উৰ্ধমুখী হৈ আছে। এই পৰ্যন্ত ২৮ হেজাৰৰ অধিক লোক আক্রান্ত হৈছে আৰু মৃত্যু হৈছে আঠশৰো অধিক। ভাৰতত পশ্চিমীয়া দেশসমূহৰ দৰে দ্রুত হাৰত সংক্ৰমণ বৃদ্ধি পোৱা নাই যদিও এনে হ’বলৈ হ’লে দুর্বল চিকিৎসা আন্তঃ গাথঁনিৰ দেশখনত বৃহৎ বিপদৰ সৃষ্টি হ’ব বুলি আশংকা প্ৰকাশ কৰা হৈছে।

বিশ্বৰ সাম্প্ৰতিক ইতিহাসত এনে ভয়াবহ অতীতৰ সময়ত পৰিলক্ষিত হোৱা নাই বুলি বিশেষজ্ঞসকলে কৈছে। বিগত শতিকাৰ দ্বিতীয় দশকৰ শেষৰ সময়ছোৱাত স্পেনিছ ফ্লু, ৬০ দশকৰ শেষত এছিয়ান ফ্লুত বিশ্বৰ দেশে দেশে লক্ষ লক্ষ মানুহৰ মৃত্যু হৈছিল। তাৰপাছত বৰ্তমানৰ শতিকাত ছোৱাইন ফ্লু, ই’বলা, জিকা ভাইৰাছৰ সংক্ৰমণ বিশ্বই প্রত্যক্ষ কৰিছে। কিন্তু কৰ’নাৰ দৰে এনে ভয়ানক পৰিস্থিতিৰ সৃষ্টি পূর্বে উক্ত উল্লেখিত ৰোগ সমূহে সৃষ্টি কৰিব পৰা নাছিল। কৰ’নাৰ আক্ৰমণত কেৱল মানুহৰ জীৱনেই নহয়, অৰ্থনীতিৰো  মৃত্যুঘণ্টা বাজিবলৈ ধৰিছে। কিয়নো তলাবন্ধৰ ফলত সমগ্ৰ বিশ্বৰ অৰ্থনৈতিক উন্নয়ন নজৰবিহীনভাৱে ক্ষতিগ্ৰস্ত হৈছে। বিশ্ব বেংকৰ পূৰ্বানুমান মতে, আর্থিক বৃদ্ধিৰ হাৰ ভাৰতৰ দৰে দেশত বহু পূৰ্বৰে পৰা অৱনমিত হ’বলৈ ধৰিছিল। এতিয়া সাম্প্ৰতিক পৰিস্থিতিত এয়া অধিক বিপর্যস্ত হ’ব। কোৱা হৈছে যে বিগত ৪০ বছৰৰ ভিতৰত সৰ্বাধিক দুৰ্দশাগ্ৰস্ত হ’ব দক্ষিণ এছিয়াৰ দেশসমূহৰ অৰ্থনীতি।

Exit mobile version