পুৰুষ প্ৰধান ৰাজপাটত এগৰাকী মহিলাৰ দপদপনিয়ে চৰ্চা লাভ কৰিছে সমগ্ৰ বিশ্বত

kim jong un kim yo jong korea

উত্তৰ কোৰিয়াৰ শাসক কীম জং উনৰ মৃত্যুৰ বাতৰি প্ৰচাৰিত হোৱাৰ সময়তে দেশখনৰ পৰৱৰ্তী শাসকক লৈ অব্যাহত আছে জল্পনা কল্পনা ৷ কীমৰ অৱৰ্তমানত তেওঁৰ ভগ্নী কীম য়’ জং উন উত্তৰ কোৰিয়াৰ শাসক হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। ইফালে উত্তৰ কোৰিয়াৰ ৰাজনীতিত অধিক স্বেচ্ছাচাৰী তথা নৃশংস বুলি পৰিচিত কীম জং উনতকৈ অধিক নৃশংস মানসিকতা কীম য়’ জং উনৰ । কীমৰ পিছত যদি তেওঁৰ ভগ্নী কীম য়’ যদি উত্তৰ কোৰিয়াৰ শাসক হয় তেন্তে আকৌ উত্তৰ কোৰিয়াই পাব স্বেচ্ছাচাৰী শাসক। তেনে সময়তে প্ৰভাৱশালী দেশখনৰ পৰৱৰ্তী শাসক অৰ্থাৎ এগৰাকী মহিলাই কেনেদৰে চম্ভালিব এই সন্দৰ্ভত চৰ্চা অব্যাহত আছে ৷ ইফালে ৩০ বছৰীয়া কীম য়’ ভাতৃকৈ কোনো গুণেই কম নহয়। শিখৰ সন্মিলনত বিশ্বৰ প্ৰভাৱ শালী নেতা সকলৰ লগত ভাগ লৈছিল কীম জং উনৰ ভগ্নী কীম য়’ জং উনে  ৷ ২০১৮ চনত শীতকালীন অলিম্পিকত বিশেষ অতিথি হিচাপে অংশ লৈছিল কীম য়’য়ে ৷

মন কৰিব লগীয়া যে কীম য়’য়ে উত্তৰ কোৰিয়াৰ পুৰুষ প্ৰধান এখন দেশত সকলো ক্ষেত্ৰত নিজৰ আধিপত্য বিস্তাৰ কৰিছে ৷ এই সন্দৰ্ভত বহু সমালোচকৰ মন্তব্য যে অন্যান্য দিশসমূহলকৈ তেজৰ সম্পৰ্কইহে বহু সময়ত অধিক প্ৰাধান্য লাভ কৰে। যি কি নহওক সাম্প্ৰতিক সময়ত উত্তৰ কোৰিয়াৰ শাসক কীম জঙৰ মৃত্যুৰ বাতৰিয়ে হঠাতে অত্যাধিক চৰ্চালৈ আনিলে কীম য়’ক ৷ দ্বিতীয় বিশ্ব যুদ্ধৰ পাছত কীমৰ বংশধৰে উত্তৰ কোৰিয়াক শাসন কৰিছে । ২০১১ চনত কীম জঙৰ পিতৃৰ মৃত্যুৰ পিছত প্ৰশ্ন হৈছিল যে ২০ দশক জুৰি শাসন কৰা নেতাৰ মৃত্যুৰ পিছত কোনে নিয়াৰিকৈ ৰাজপাট চলাই নিব ৷ কিন্তু ইয়াৰ পিছত সেই শাসনভাৰৰ দায়িত্ব লয় কীম জং উনে ৷ আনহাতে কীম জং উনৰ ভগ্নী কীম য়’য়ে যিয়ে তেওঁৰ কৰ্মদক্ষতাত সন্দেহ প্ৰকাশ কৰিছিল তাৰ পৰিপ্ৰেক্ষিতত যিকোনো মুহুততে যিকোনো সিদ্ধান্ত লৈ সকলোকে আচৰিত কৰিছিল । উত্তৰ কোৰিয়াৰ ভাগ্য কীমৰ পৰিয়ালৰ লগতে আৰম্ভ আৰু কীমৰ পৰিয়ালৰ লগতে শেষ ৷গতিকে উত্তৰাধিকাৰীৰ সন্দৰ্ভত চিন্তা কৰিবলগীয়া একো নাই ৷ গতিকে তেজৰ সম্পৰ্কৰ আধাৰতে উত্তৰাধিকাৰী হোৱাৰ প্ৰসংগত চিন্তা কৰিবলগীয়া একো নাই ৷ এই মন্তব্য চ্যু কীমৰ ৷ ইফালে কীম জং চ’লৰ শাসনতকৈ অধিক গীটাৰ বজোৱাৰ প্ৰতিহে ধাউতি বেছি ৷ লগতে তেওঁৰ ভতিজাক কীম হান চ’লে ৰাজনীতিৰ পৰা আঁতৰত থাকে ৷ দক্ষিণ কোৰিয়াৰ সংবাদ মাধ্যমৰ মতে কীমৰ এটি ১০ বছৰীয়া পুত্ৰ সন্তান আছে যদিও আজিলৈকে ক’তো পুত্ৰ সন্দৰ্ভত উল্লেখ কৰা নাই। উল্লেখযোগ্য যে ১৯৮৮- ১৯৮৯ চনত জন্ম লাভ কৰা কীম য়’ জং উন আছিল নাচি ভাল পোৱা এজনী উৎপতীয়া ছোৱালী ৷ যাৰ কাৰণে পিতৃয়ে মৰমতে “প্ৰিন্সেছ য়’ জং” নামেৰে মাতিছিল কীমক। পিতৃৰ মৃত্যুৰ পিছত সকলো ক্ষেত্ৰতে ভাতৃৰ বিশ্বাসৰ পাত্ৰী হৈ পৰিছিল কীম য়’ ৷

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কীম য়’ৰ হাইপ্ৰফাইল উপস্থিতি তথা বিশ্বৰ আগশাৰী নেতাসকলৰ লগত ঘনিষ্ঠতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল  ৷ সম্প্ৰতি পুৰুষে সকলো সময়তে অগ্ৰাধিকাৰ পোৱা উত্তৰ কোৰিয়াত কীম য়’ মহিলা হিছাপে নহয় এগৰাকী নেতা হিচাপে ধৰা হয় ৷ যিয়ে বাকীসকলৰ তুলনাত ৰাজনীতিৰ ক্ষেত্ৰত অধিক পৰিপক্ব ৷ বিশ্বৰ মহামাৰীৰ সৃষ্টি কৰা ক’ভিড ১৯ ৰ সন্দৰ্ভত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক এখন পত্ৰৰ উত্তৰ দি চৰ্চালৈ আহিছিল কীম য়’ জং উনৰ প্ৰাধান্যতা ৷ উল্লেখযোগ্য যে, উত্তৰ কোৰিয়াৰ প্ৰৱল প্ৰতাপী কমিউনিষ্ট শাসক তথা বিশ্বৰ সৰ্বকনিষ্ঠ ৰাষ্ট্ৰ প্ৰধান তথা ৩৬ বছৰীয়া শাসক কীম জঙৰ স্বাস্থ্যৰ সন্দৰ্ভত এতিয়াও সকলোৰে মাজত উদ্বেগ অব্যাহত আছে।

ইয়াৰ মাজতে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি মুন জে ইনে কীম জঙৰ স্বাস্থ্যৰ সন্দৰ্ভত ওলোৱা সকলো বাতৰিক খণ্ডন কৰে । মুন জে ইন দেওবাৰে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে যে কীম জং এতিয়াও সুস্থ হৈ আছে ৷ তেওঁ ১৩ এপ্ৰিলৰ পিছৰ পৰা উত্তৰ কোৰিয়াৰ বোন্সান চহৰত আছে । ১২ এপ্ৰিলত কীমৰ কাৰ্ডিঅ’ভাস্কুলাৰ চাৰ্জাৰী হৈছিল ৷ ইয়াৰ পাছৰ পৰা কীমৰ মৃত্যুৰ খবৰ সৰ্বত্ৰে বিয়পি পৰিছিল। ইফালে শনিবাৰে নিশা হংকঙৰ এক সংবাদমাধ্যমত কিমৰ মৃত্যুৰ খবৰ দিছিল । ইফালে ১৫ এপ্ৰিলত ককা কিম ইল চুংগৰ বছেৰেকীয়া অনুষ্ঠানত অংশ গ্ৰহণ নকৰিছিল কীমে। ইয়াৰ পিছৰ পৰা এই সন্দৰ্ভত চৰ্চা অব্যাহত আছে। কাৰণ পূৰ্বতে যিকোনো পাৰম্পৰিক অনুষ্ঠানত অংশ গ্ৰহণ নকৰাকৈ নাথাকে কিম জঙে ৷ কিছুমান সমালোচকৰ মতে নিজকে আধুনিক হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ কিম পৰম্পৰাৰ বিপৰীত মেৰুত অৱস্থান কৰিছে। কিমে প্ৰমাণ কৰিব বিচাৰিছে যে তেওঁ পূৰ্বজসকলৰ দৰে নহয় । এই সন্দৰ্ভত দক্ষিণ কোৰিয়াৰ এখন সংবাদ পত্ৰ ডেইলী” প্ৰকাশ পোৱা অনুসৰি ১২ এপ্ৰিলত কিমৰ কাৰ্ডিঅ’বেস্কুলৰ চাৰ্জাৰী হৈছিল ৷ তথ্য অনুসৰি কীমে অত্যাধিক চিগাৰেট সেৱন কৰে । লগতে কীমৰ মেদবহুলতাৰ সমস্যা আছে ৷ অৱশ্যে সম্প্ৰতি কীমৰ স্বাস্থ্যৰ অৱস্থা সুস্থ ৷  অৱশ্যে শেহতীয়াকৈ কীম জং উনৰ সুস্থ থকা বাতৰিয়ে সকলো খবৰক নসাৎ কৰিছে।

 

 

Exit mobile version