সম্প্ৰতি কৰ’নাৰ সংহাৰী ৰূপত বিশ্বৰ দেশ সমূহে কৰ’নাৰ বিৰুদ্ধে যুঁজ দি থকাৰ সময়তে ভাৰতেও দেশৰ সুৰক্ষাৰ সকলো দিশলৈ লক্ষ্য কৰি দেশজুৰি কৰা তলাবন্ধৰ ফলত কৰ’না কিছু নিয়ন্ত্ৰণ কৰিছে যদিও দেশৰ আৰ্থিকভাবে দুৰ্বল লোক সকলে কৰ’নাৰ পৰা দুৰত্ব বজায় ৰাখিছে যদিও ক্ষুধাৰ পৰা দুৰত্ব বজায় ৰাখিব নোৱাৰাত এক গভীৰ সমস্যাৰ সৃষ্টি হৈছে ৷ নলবাৰী জিলাৰ পশ্চিম নলবাৰী অঞ্চলৰ চামতাৰ খাটাৰূপীয়াবাথান গাওঁৰ হীৰা চুবুৰীৰ ৬০ পৰিয়ালে সম্প্ৰতি খাদ্যৰ অভাৱত গভীৰ সমস্যাত পৰিছে ৷
প্রাপ্ত তথ্য মতে, চামতা খাটাৰূপিয়াবাথান গাওঁৰ ৬০ পৰিয়ালৰ মূল উপাৰ্জন দিশ হ’ল মৃৎ মাটিৰে তৈয়াৰ কৰা বাচন-বৰ্তন ৷ মাটিৰ বাচন-বৰ্তন তৈয়াৰ কৰিয়ে ৬০ টা পৰিয়ালে স্হানীয় ঐতিহাসিক নদলা বজাৰ, বেলশৰ বজাৰ, কৈঠালকুছি বজাৰ, শোলমাৰা বজাৰ,বৰনদী সপ্তাহিক বজাৰত মাটিৰ বাচন- বৰ্তন বিক্ৰী কৰিয়ে কোনোমতে পৰিয়াল কেইটা চলি আহিছে ৷ ইয়াৰ উপৰিও মৃৎ শিল্পী সকলৰ একাংশই ঠেলা, চাইকেলৰেও গাৱেঁ গাৱেঁ মৃৎ সামগ্ৰী বিক্ৰী কৰি কঠোৰ সংগ্ৰাম কৰি আহিছে ৷ শেহতীয়াকৈ বিশ্বত কৰ’ণা ভাইৰাছৰ আতংকই মানুহৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনাৰ ফলত আৰু ভাৰততো তলাবন্ধ কৰাত সমাজৰ আৰ্থিক ভাবে দুৰ্বল লোক সকলে সমস্যাৰ সন্মুখীন হব লগা হৈছে ৷
চামতা খাটাৰূপিয়াবাথান গাওঁৰ মৃৎ শিল্পী নীলকান্ত দাসে কয় যে, গুৱাহাটী দীপৰ বিলৰ দাতিৰ পৰা তেওঁলোকে ট্ৰাক হিচাপত মৃৎ মাটি ক্ৰয় কৰে প্ৰায় ৫০ হাজাৰ টকাত ৷ এক ট্ৰাক মাটিত প্ৰায় ১৬-১৭ কুইন্টল মাটিৰে ৬০ পৰিয়ালে বছৰৰ বাবে সাঁচি ৰাখে ৷ যোৱাটো বানত চামতা খাটাৰূপীয়াবাথান গাওঁ হীৰা পাৰাৰ ৬০ পৰিয়ালে তৈয়াৰ কৰা মাটিৰ সকলো সা- সমগ্ৰী বানে উটুৱাই নিয়াৰ লগতে সংৰক্ষণ কৰি ৰখা মৃৎ মাটিও উতুৱাই নিছিল ৷ দুখ কষ্টৰ মাজেৰে কোনোমতে সম্প্ৰদায়টোয়ে জীয়াই থকাৰ সংগ্ৰামত ব্ৰতি হোৱাৰ সময়তে কৰ’নাৰ দৰে মহামাৰীয়ে সকলো শেষ কৰি পেলালে ৷
শিল্পী সকলৰ ভিতৰত নীলকান্ত দাস, দামোদৰ দাস, গৌতম দাস, কৈলাশ দাস, দেৱেন দাস, সূৰ্য দাস, অতুল দাস, বসন্ত দাস, গীৰিশ দাস, প্ৰভাত দাস, দিপক দাস, দিলেপ দাস,কন্দৰ্প দাস, সম্ভু দাস,জয়ৰাম দাস,পুতুল দাস, পংকজ দাস, শশী দাস,ৰূপ দাস,মুকুল দাস,গায়ত্ৰী দাস, মাইকন বালা দাস, হৰেশ্বৰ দাস,মাইকন দাস, সাগৰ দাস,প্ৰমোদ দাস,টংকে দাস, জীতেন দাস,বনমালী দাস,জুনু দাস,ভাৰতী দাস,অকন দাস,বিমলা দাস,বিহুৰাম দাস, টুটু দাসে এই প্ৰতিবেদনত কয় যে, আমি মাটিৰ চাকি, (সৰু- ডাঙৰ ) কলহ, টেকেলি, পাত চৰু, গেছ চৰু, কেমেৰ চৰু,ধূপ দানী, ধূনাদানী, পানী, চাহ খোৱা মাটিৰ গিলাছ, তৈয়াৰ কৰি সেইবোৰ পুৰি বিক্ৰীৰ বাবে সাজু কৰিছিলো ৷ কিন্তু তলাবন্ধ হোৱাৰ ফলত কোনো এজন মৃৎ শিল্পীয়ে মাটিৰ বাচন-বৰ্তন বিত্ৰুী কৰিব পৰা নাই ৷ যাৰ বাবে চুবুৰীটোৰ ৬০টা পৰিয়ালে সম্প্ৰতি জীয়াই থকাৰ বাবে সংগ্ৰাম কৰিব লগা হৈছে ৷ হাতত এটাও টকা নথকাত আনৰ মুখলৈ চাই থাকিব লগা হৈছে চুবুৰীৰ ৬০টা পৰিয়ালে ৷ একাংশ হৃদয় বান লোকে যি সহায়-সাহাৰ্য্য দিছে সেয়া পৰ্যাপ্ত নহয় যদিও একপ্ৰকাৰ পেটত গামোছা বান্ধিবলগীয়া হৈছে ৷
মৃৎ শিল্পী নীলকান্ত দাসে জানিবলৈ দিয়া মতে বজাৰ খোলা দিলেই আমাৰ দুবেলা ভাতৰ বাবে চিন্তা নাই কিন্তু অনিশ্চয়তাৰ মাজত সকলো বন্ধ হোৱাত আমি আনৰ মুখলৈ চাব লগা হৈছে ৷ সেয়ে শিল্পী সকলে এই সময়ছোৱাত স্হানীয় বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক হীৰাপাৰাৰ মৃৎ শিল্পী সকলৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনাইছে ।
ADVERTISEMENT