এইখন অসমতেই নিষিদ্ধ হ’ল পিক্ পেলোৱা

SMOKING10
বিশ্বত্ৰাস ক’ভিড-১৯ বীজাণু সংক্ৰমণৰ  ৰেড জ’ন হিচাপে  ৰাজ্যৰ কে’বাখনো জিলাৰ লগতে চিহ্নিত হৈছে নলবাৰী জিলা । যাৰ পৰিপ্ৰেক্ষিতত কৰ’নাক ৰোধিবলৈ কেন্দ্ৰীয়  গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনা আৰু দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত নলবাৰী পৌৰসভা এলেকাৰ ভিতৰত  ৰাজহুৱা স্থানত থু পেলোৱা বা ধোৱাঁবিহীন ধপাত খাই পিকোৱাটো নিষিদ্ধ ঘোষণা কৰিছে প্ৰশাসনে। কিয়নো থু বা পিকৰ  জৰিয়তে  সংক্ৰমণৰ আশংকা থাকে  । সেইবাবেই পৌৰসভা এলেকাৰ ৰাজহুৱা স্থানত থু বা পিক পেলোৱাটো আইনমতে দণ্ডণীয় কাৰ্য হিচাপে ঘোষণা কৰা হৈছে আৰু এই নিৰ্দেশনা উলংঘা কৰা লোকৰ বিৰুদ্ধে এহেজাৰ  টকা জৰিমনা বিহাৰ কথা নিৰ্দেশনাত  উল্লেখ কৰা হৈছে ।
ADVERTISEMENT
Exit mobile version