- জ্বৰ, চৰ্দি, শ্বাস-প্ৰশ্বাস লোৱাত অসুবিধা আদি লক্ষণসমূহ সাধাৰণতে কৰ’না ভাইৰাছত আক্ৰান্ত ৰোগীসকলৰ ক্ষেত্ৰত দেখা যায় । কিন্তু সম্প্ৰতি বিশ্ববাসীৰ মাজত দেখা গৈছে এক বৃহৎ প্ৰত্যাহ্বান ৷ কাৰণ যিকোনো এজন ব্যক্তি কৰ’নাত আক্ৰান্ত হৈ থাকে কিন্তু ব্যক্তিজনৰ শৰীৰত দেখা নাযায় এই ভাইৰাছৰ কোনো ধৰণৰ লক্ষণ ৷ যাৰ কাৰণে চিন্তিত হৈ পৰিছে বিশ্ববাসী ৷ ইয়াৰ মাজতে আমেৰিকাই কৰ’না ভাইৰাছৰ কেইটামান নতুন লক্ষণ সম্পৰ্কে সদৰী কৰিছে।
- আমেৰিকাৰ দ্য চেন্টাৰ ফৰ ডিজিজ কন্ট্ৰ’ল এণ্ড প্ৰিভেন্সন অৰ্থাৎ চিডিচিয়ে কৰ’নাৰ এই নতুন লক্ষণক চিনাক্ত কৰিছে ।
- চিডিচিৰ মতে ঠাণ্ডা লগা,ঠাণ্ডাত শৰীৰৰ কঁপনি উঠা,মাংসপেশীৰ বিষ,মূৰৰ বিষ,ডিঙিৰ বিষ,মুখত যিকোনো বস্তৰ সোৱাদ নলগা আদি কৰ’নাৰ ভাইৰাছ সংক্ৰমণৰ নতুন লক্ষণ হ’ব পাৰে ।
- লগতে চিডিচিয়ে কয় যে নাকৰ পৰা পানী ওলোৱা লক্ষণটো কৰ’না ভাইৰাছত আক্ৰান্ত সকলো ৰোগীৰ ক্ষেত্ৰত দেখা নাযায়। ইফালে হাঁচি অহাটো কৰ’নাৰ ভাইৰাছৰ লক্ষণ নহয় ৷
- পূৰ্বতে চিডিচিয়ে উল্লখ কৰিছিল যে জ্বৰ, কফ, উশাহ-নিশাহত কষ্ট আদিবোৰ কৰ’না লক্ষণ । বিগত বৰ্ষৰ ডিচেম্বৰত চীনৰ য়ুহানৰ পৰা উৎপত্তি কৰ’না ভাইৰাছত সম্প্ৰতি বিশ্বত ৩,০৮৬,৮৩২ জন লোক কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে । মৃত্যু হৈছে ২১,২,৬৬৬ জন ।
- চিডিচিৰ মতে ক’ভিড১৯ত আক্ৰান্ত লোকসকলৰ শৰীৰত বহু প্ৰকাৰৰ লক্ষণ দেখা দিয়ে । কিছুমান সাধাৰণ লক্ষণ আৰু কিছুমান গম্ভীৰ লক্ষণ ৷
- এই ভাইৰাছত সংক্ৰমিত হ’লেই ২ৰ পৰা ১৪ দিনৰ ভিতৰত লক্ষণসমূহ পৰিস্ফুট হৈ উঠে। গতিকে শৰীৰত অলপ লক্ষণ ধৰা পৰিলেই স্থানীয় চিকিৎসালয়ত গৈ স্বাস্থ্য পৰীক্ষা কৰাব লাগে ।
- উশাহ নিশাহত কষ্ট, বুকুৰ বিষ, শৰীৰৰ যিকোনো ধৰণৰ অক্ষমতা,মুখ বা ওঁঠৰ ৰং পৰিৱৰ্তন হোৱা আদি লক্ষণ শৰীৰত অনুভৱ কৰিলেই চিকিৎসকৰ কাষ চাপিব লাগে ৷ কাৰণ চিডিচিয়ে সদৰী কৰে যে কৰ’নাত আক্ৰান্ত ৰোগীসকলৰ শৰীৰত বিভিন্ন লক্ষণ দেখা পোৱা যায়।
- বিশ্ব স্বাস্থ্য সংস্থা আৰু চিডিচিয়ে প্ৰথমতে অত্যাধিক জ্বৰ,শুকান কাঁহ,উশাহ নিশাহত কষ্ট পোৱা আদি লক্ষণৰ কথা কৈছিল ৷ কিছুমান কৰ’নাত আক্ৰান্ত লোকৰ গেছৰ সমস্যাও দেখা যায় । যিসকল লোকৰ উচ্চ ৰক্তচাপ,হৃদযন্ত্ৰৰ সমস্যা,চুগাৰ,কেন্সাৰ আদি ৰোগত আক্ৰান্ত হৈ থাকে তেওঁলোকৰ কাৰণে কৰ’না ভাইৰাছৰ যুঁজ কৰাটো প্ৰত্যাহ্বান স্বৰূপ হৈ পৰে ৷ এই মন্তব্য বিশ্ব স্বাস্থ্য সংস্থাৰ ৷