ভাৰতত নিৰ্দিষ্ট অঞ্চলৰ মাজত বৃদ্ধি কৰ’নাৰ সংক্ৰমণ

1209198461.jpg.0
দেশত প্ৰথমবাৰৰ বাবে এদিনত অভিলেখ সংখ্যক দুহেজাৰ লোক ক’ভিড-১৯ ত আক্ৰান্ত হোৱাৰ পাছত আজি পৰিস্থিতি সামান্য উন্নত হয়। দেশত কৰ’নাত আক্ৰান্ত আৰু মৃতকৰ সংখ্যাৰ বৃদ্ধি অব্যাহত থাকিলেও স্বাস্থ্য মন্ত্ৰণালয়ে সদৰী কৰে যে সম্প্ৰতি ভাইৰাছ সংক্ৰমণ নিৰ্দিষ্ট একোটা ক্লাষ্টাৰৰ মাজতে অব্যাহত আছে।
মন্ত্ৰণালয়ে উল্লেখ কৰা মতে আক্ৰান্তৰ ৬৮ শতাংশ লোকেই হ’ল ২৭ খন জিলাৰ । আনহাতে, অধিক তথা ঘন জনবসতি জিলাসমূহতে সংক্ৰমণৰ মাত্ৰা অধিক। ইয়াৰ পৰাই তেনে জিলাসমূহৰ ৰাজ্যৰ অন্যান্য প্ৰান্তলৈয়ো ভাইৰাছবিধৰ সংক্ৰমণ অব্যাহত আছে।
মহাৰাষ্ট্ৰ, দিল্লী, গুজৰাট, মধ্যপ্ৰদেশ আৰু তেলেংগানা তেনে ৰাজ্যবোৰৰ ভিতৰত অন্যতম। মৃতকৰ পৰিসংখ্যাৰ ক্ষেত্ৰত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্রী ডাঃ হৰ্ষবর্ধনে উল্লেখ কৰে যে বিশ্বত ক’ভিড-১৯ ত মৃত্যু হোৱা লোকৰ হাৰ হ’ল সাত শতাংশ। তাৰ বিপৰীতে ভাৰতত সেই হাৰ হ’ল ৩.১ শতাংশ।
স্বাস্থ্য মন্ত্ৰণালয়ে এই তথ্য সদৰী কৰে যে দেশৰ ২৩৮ খন জিলাত ক’ভিড-১৯ ত এজনো লোক আক্ৰান্ত হোৱা নাই। আনহাতে, ৬৪ খন জিলাত যোৱা সাত দিনত আৰু ৪৮ খন জিলাত যোৱা ১৪ দিনত এজনো নতুন আক্ৰান্ত হোৱা নাই।
ইপিনে, মহাৰাষ্ট্ৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি অভাৱনীয় হাৰত অব্যাহত আছে। ইয়াৰ মাজতে মুখ্যমন্ত্ৰী উদ্ধব থাকৰেই উদ্বিগ্নতাৰে প্ৰকাশ কৰে যে আক্ৰান্তসকলৰ ৮০ শতাংশৰ শৰীৰত ভাইৰাছত আক্ৰান্ত লক্ষণ ফুটি উঠা নাছিল।
ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা মুঠ ৮,৫৯০ জন আৰু মৃত্যু হৈছে ৯৪০ জন লোকৰ। ইয়াৰ পাছতে গুজৰাটত আক্ৰান্ত হৈছে ৩,৫৪৮ জন লোক আৰু মৃত্যু হৈছে ১৬২ জন লোকৰ। দিল্লীত আক্ৰান্তৰ সংখ্যা ৩,১০৮ জন । তাৰে জনৰ মৃত্যু হৈছে। আনহাতে, বিশ্বত মৃত্যু হৈছে দুই লাখৰো অধিক লোকৰ।
Exit mobile version