কৰ’নাত আক্ৰান্ত দিল্লীত কৰ্মৰত ওদালগুৰিৰ চি আৰ পি এফ জোৱান

New Doc 2020 04 29 16.51.01 1
সম্প্ৰতি বিশ্বজুৰি কৰ’নাই সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে এইবাৰ একাধিক কৰ্তব্যৰত চিআৰপিএফ জোৱান আক্ৰান্ত হৈছে মহামাৰী কৰ’নাত। ওদালগুৰি জিলাৰ ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত ৫ নম্বৰ ধনশ্ৰী গাওঁৰ বাসিন্দা তথা দিল্লীৰ চিআৰপিএফৰ ৩১ নম্বৰ বেটেলিয়নত কৰ্মৰত ৰণবীৰ লিম্বু নামৰ ৩৪ বছৰীয়া জোৱানজন কৰ্মস্থলীতে কৰ’নাত আক্ৰান্ত হৈ দিল্লীত চিকৎসাধীন হৈ থাকিবলগীয়া হৈছে।
উল্লেখ্য যে দিল্লীৰ চিআৰপিএফৰ ৩১ নম্বৰ বেটেলিয়নৰ অন্তৰ্গত অসমৰ বৰপেটা জিলাৰ ইক্ৰাম হুছেইন নামৰ জোৱানজনৰ কৰ’নাত আক্ৰান্ত হৈ কালি মৃত্যু হৈছিল। ইয়াৰোপৰি চিআৰপিএফ বেটেলিয়নৰ শিবিৰটোৰ প্ৰায় ৪৭ জন চিআৰপিএফ জোৱান কৰ’নাত আক্ৰান্ত হৈছে। এইসমূহ আক্ৰান্ত জোৱানৰ ভিতৰত আছে অসমৰ ওদালগুৰি জিলাৰ ৰণবীৰ লিম্বু নামৰ চিআৰপিএফ জোৱানজনো।
জানিব পৰা মতে, সন্দেহজনক অৱস্থাত ২১ এপ্ৰিল তাৰিখে কোৱাৰেণ্টাইনত ৰখা বেটেলিয়নৰ সদস্য সকলৰ ২৩ এপ্ৰিলত নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। যদিও ২৪ এপ্ৰিলত কেইবাজনো জোৱানৰ লগতে ওদালগুৰিৰ জোৱানজনৰ শৰীৰত কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। এই সন্দৰ্ভত জোৱানজনৰে সৈতে হোৱা সাংবাদিকৰ টেলিফোনিক বাৰ্তালাপত লিম্বুৱে কয় যে তেওঁলোকৰ বেটেলিয়নৰ অন্তৰ্গত কেইবাগৰাকীও জোৱান ইতিমধ্যে কৰ’নাত আক্ৰান্ত হৈ দিল্লীৰ মান্দাৱালী অঞ্চলৰ এখন চিকিৎসালয়ৰ আইচ’লেশ্বন কক্ষত ৰখা হৈছে। ইয়াৰে ভিতৰত ইক্ৰাম হুছেইন নামৰ জোৱানজনৰ শৰীৰত অধিক লক্ষণ দেখা দিয়া হেতুকে তেওঁ সংকটজনকভাৱে কৰ’নাত আক্ৰান্ত হৈ অন্য চিকিৎসালয়লৈ স্থানান্তৰ কৰিছিল যদিও পাছত তেখেতৰ মৃত্যু হয় ।
ইতিমধ্যে বিগত প্ৰায় এবছৰ পূৰ্ৱে গুৱাহাটীৰ পৰা দিল্লীলৈ বদলি হোৱা ওদালগুৰিৰ ৰণবীৰ লিম্বু নামৰ কৰ’নাত আক্ৰান্ত চিআৰপিএফ জোৱানজন বৰ্তমান সম্পূৰ্ণৰূপে সুস্থ থকাৰ কথা টেলিফ’নত উল্লেখ কৰে। লগতে তেওঁ কয় যে পূৰ্ৱে তেওঁলোকক উপযুক্ত চিকিৎসা তথা খাদ্য প্ৰদান কৰা হোৱা নাছিল যদিও পৰৱৰ্তী সময়ত বিষয়টো সন্দৰ্ভত সংশ্লিষ্ট বিষয়াক অৱগত কৰাত তেওঁলোকক বৰ্তমান উপযুক্ত চিকিৎসা ব্যৱস্থা আৰু খাদ্য প্ৰদান কৰি থকা হৈছে। ইফালে ওদালগুৰিৰ ৫ নম্বৰ ধনশ্ৰীস্থিত জোৱানজনৰ পত্নীয়ে অভিযোগ কৰি কয় যে তেখেতৰ স্বামী ৰণবীৰ লিম্বু কৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰ এই মূহুৰ্তলৈ চিআৰপিএফৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে পৰিয়ালৰ লোকক অৱগত কৰা নাই। লগতে তেওঁ বিস্ফোৰক অভিযোগ কৰি কয় যে জোৱানজনৰ দেহত কৰ’নাৰ লক্ষণ দেখা দিয়াৰ পাছতো সাধাৰণ জ্বৰৰ ঔষধ সেৱন কৰোৱাই কৰ্তব্যত নিয়োগ কৰা হৈছিল।
আনহাতে বিষয়টো সন্দৰ্ভত ওদালগুৰি জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সঞ্জীৱ খতিওড়াই সংবাদ মাধ্যমৰ আগত দাবী উত্থাপন কৰি জোৱানজনে যাতে উচিত চিকিৎসা ব্যৱস্থা লাভ কৰে তাৰ বাবে অসম চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। দিল্লীত কৰ্মৰত ওদালগুৰিৰ জোৱানজন কৰ’নাত আক্ৰান্ত হোৱাৰ খবৰ লাভ কৰাৰ পাছত সম্প্ৰতি দুগৰাকী পুত্ৰ-কন্যা সন্তানসহ পত্নী তথা পৰিয়ালটোৱে বিনিদ্ৰ ৰজনী কটাইছে।
Exit mobile version