ন’ভেল কৰ’না ভাইৰাছে বিয়াগোম আকাৰ ধাৰণ কৰিছে আমেৰিকাত । নিতৌ মৃত্যু ঘটিছে হেজাৰ হেজাৰ ক’ভিড-১৯ ৰোগীৰ । চকুৰ আগতে শ শ লোকৰ মৃত্যু ঘটিলে স্বাভাৱিকতে যিকোনো লোকৰে অন্তৰাত্মা কঁপি উঠিব পাৰে । তেনে এক পৰিস্থিতিৰ সন্মুখীন হৈয়ে মানসিকভাৱে ভাঙি পৰি আত্মহনন পথ বাচি ল’লে দেশখনৰ এগৰাকী চিকিৎসকে । অসংখ্য কৰ’না ভাইৰাছত আক্ৰান্ত লোকৰ মৃত্যুৰ দৃশ্য সহ্য কৰিব নোৱাৰিয়ে নিউয়ৰ্কৰ লৰনা এম ব্ৰিন নামৰ চিকিৎসক গৰাকীয়ে আত্মহত্যা কৰা বুলি সন্দেহ কৰা হৈছে ।
ডাঃ ব্ৰিন আছিল নিউয়ৰ্ক-প্ৰেছবিটাৰিয়ান এলেন হাস্পতালৰ জৰুৰী বিভাগৰ মুৰব্বী আছিল । মেনহাটন হাস্পতালত দায়িত্বৰত অৱস্থাতে তেওঁ অসংখ্য কৰ’না ভাইৰাছত আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছিল । মৃত্যু দেখি দেখি তেওঁ মানসিক ভাৱেও ভাঙি পৰিছিল । অৱশেষত ৪৮ বছৰীয়া চিকিৎসক গৰাকীয়ে আত্মহত্যা কৰে।উল্লেখ্য যে মৃত্যুৰ পূৰ্বে চিকিৎসক গৰাকীয়ে আত্মহত্যাৰ কথা আৰক্ষীক ফোন কৰি অৱগত কৰিছিল । আৰক্ষীয়ে তৎপৰতাৰে তেওঁৰ বাসগৃহত উপস্থিত হয় যদিও ইতিমধ্যে চিকিৎসকগৰাকী জীৱিত অৱস্থাত নাছিল ।