বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ স’তে টেলিফোনিক বাৰ্তালাপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

web pm hasina wi 1569835886113
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ স’তে টেলিফোনত বাৰ্তালাপত কৰে ৷ প্ৰধানমন্ত্ৰীয়ে নিজৰ আৰু দেশৰ জনসাধাৰণৰ তৰফৰ পৰা বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীক ৰমজানৰ শুভেচ্ছা জ্ঞাপন কৰে৷ দুয়োগৰাকী নেতাই ক’ভিড-১৯ৰ বাবে সৃষ্টি হোৱা আঞ্চলিক পৰিস্থিতিসমূহৰ বিষয়ে আলোচনা কৰি পৰস্পৰৰ দেশত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে৷ দুয়োগৰাকী নেতাই ছাৰ্ক দেশসমূহৰ মাজত ১৫ মাৰ্চত সম্পন্ন হোৱা বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ প্ৰণয়নত সন্তোষ ব্যক্ত কৰে ৷ ছাৰ্ক ক’ভিড-১৯ জৰুৰীকালীন পুঁজিলৈ বাংলাদেশে ১.৫ মিলিয়ন আমেৰিকান ডলাৰৰ বৰঙণি আগবঢ়োৱা কাৰ্যত প্ৰধানমন্ত্ৰী মোদীয়ে ধন্যবাদ জ্ঞাপন কৰে৷
অঞ্চলটোত ক’ভিড-১৯ক পৰাভূত কৰিবলৈ তথা বাংলাদেশলৈ চিকিৎসা সামগ্ৰী প্ৰেৰণ আৰু সামৰ্থ নিৰ্মাণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ ভূমিকাক বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে ৷ দুয়োগৰাকী নেতাই অত্যাৱশ্যকীয় সামগ্ৰীসমূহ পথ, ৰে’ল, আন্তঃদেশীয় জলপথ আৰু বায়ু পথেৰে সীমাৰ সিপাৰে নিৰৱচ্ছিন্নভাৱে যোগান ধৰা কাৰ্যত সন্তোষ ব্যক্ত কৰে ৷ প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা তথা বাংলাদেশৰ জনসাধাৰণক ঐতিহাসিক মুজিব বাৰ্শ্ব’ৰ বাবে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ সুস্বাস্থ্য কামনা কৰে ৷
Exit mobile version