মৈৰাবাৰীত ফাৰ্মাছিৰ মালিকৰ বাবে সৰ্বস্বান্ত হ’ল এজন ব্ৰইলাৰ পালক 

Chickens
মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ এজন ব্ৰইলাৰ পালক সৰ্বস্বান্ত হ’ল এখন ফাৰ্মাছিত মালিকৰ বাবে ৷ ব্ৰইলাৰ সোনকালে ডাঙৰ হোৱাৰ লগতে ওজন বাঢ়িবলৈ খাদ্যৰ সৈতে দিয়া বিষাক্ত ভিটামিন খাই নিশাৰ ভিতৰতে ২২৫০ টা ব্ৰইলাৰ মৃত্যু হয় । মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে মৈৰাবাৰী থানাৰ অন্তৰ্গত গৰিয়াবড়ী গাঁৱৰ মোবাৰক আলী আহমেদ নামৰ বইলাৰ পালকজনে এটা কোম্পানীৰ পৰা নিজৰ ফাৰ্মলৈ আনিছিল ২২৫০ টা ব্ৰইলাৰ ৷ ইয়াৰ পিছত তলাবন্ধৰ বাবে কোম্পানীৰ পৰা দানা আৰু ঔষধ অনাত বাধাৰ সৃষ্টি হয় । ইয়াৰ পিছত ব্ৰইলাৰ পালকজনে একে গাঁৱৰে মোস্তাফিজুৰ ৰহমান নামৰ লোকজনৰ ফাৰ্মাচীৰ পৰা ক্ৰয় কৰিছিল পাছ কেজি ওজনৰ এক পেকেট ভিটামিন আৰু দানা।
কিন্তু পিছদিনা ব্ৰইলাৰ ফাৰ্মলৈ আহি বয়লাৰ পালকজনৰ মূৰত সৰগ ভাগি পৰে ৷ কাৰণ অতি সোনকালে ডাঙৰ হ’বলৈ দিয়া ভিটামিন খাই ২২৫০ টা ব্ৰইলাৰৰ একেটা নিশাতে মৃত্যু হয়। প্ৰায় আঢ়ৈ লাখ টকাৰ ব্ৰইলাৰখিনিৰ এই অৱস্থাত দিক বিদিক হেৰুৱাইছে মোবাৰক আলীয়ে। ইফালে ব্ৰইলাৰ মালিকজনে ফাৰ্মাচিষ্টৰ পৰা ক্ষতিপূৰণ বিচাৰে যদিও দিবলৈ অমান্তি হয় ফাৰ্মাচিষ্টজনে। ইতিমধ্যে মোবাৰক আলী আহমেদে মৈৰাবাৰী থানাত  ২৯ এপ্ৰিলত ফাৰ্মাচীষ্টজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ৷এই ঘটনাৰ সন্দৰ্ভত অনাগত দিনত আৰক্ষীয়ে কি ব্যৱস্থা হাতত ল’ব সেয়া হ’ব উল্লেখযোগ্য।
Exit mobile version