■ বৃহস্পতিবাৰে বঙাইগাওঁ জিলাত পুনৰ চাৰিজন ব্যক্তিৰ দেহত ক’ভিড-১৯ ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছত ৰাজ্যত আক্ৰান্তৰ সংখ্যা মুঠ ৪১ জনলৈ বৃদ্ধি পালে ৷
■ মুঠ আক্ৰান্তৰ ৪১ জনৰ ২৯ জন ইতিমধ্যে সুস্থ হোৱাৰ বিপৰীতে এজনৰ মৃত্যু আৰু বৃহস্পতিবাৰ পৰ্যন্ত ১১ জন ৰোগী চিকিৎসাধীন অৱস্থাত আছে |
সমগ্ৰ বিশ্বতে কৰ’ণা ভাইৰাছৰ আতংকৰ মাজতে আজি বঙাইগাওঁ জিলাত চাৰি জন লোকৰ দেহত ক’ভিড-১৯ ৰোগ সংক্ৰমণ হোৱা বুলি প্ৰকাশ কৰিছে ৰাজ্যৰ বিত্ত, শিক্ষা আৰু স্বাস্থ্য বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই | যোৱা ২৮ এপ্ৰিলত বঙাইগাঁও জিলাৰ মাণিকপুৰ থানাৰ অধীনৰ চাৰি নম্বৰ নোৱাপাৰা গাঁও পঞ্চায়তৰ শালমাৰা গাঁৱৰ আফিয়া তাবাছুম নামৰ ষোল্ল বছৰীয়া কিশোৰী গৰাকী ক’ভিড-১৯ ৰোগত আক্ৰান্ত হোৱাৰ পাছত আজি বঙাইগাওঁ জিলা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত ক’ভিড-১৯ সন্দৰ্ভত এক পৰ্যালোচনা সভা অনুষ্ঠিত হয় | ৰাজ্যৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকা, যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী, পৰ্যটন বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্ম সহ জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মী প্ৰিয়া, আৰক্ষী অধীক্ষক সিংহৰাম মিলি সহ স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে |
বঙাইগাঁও চহৰ অঞ্চলত আজি ক’ভিড-১৯ ৰোগ নিশ্চিত হোৱা সন্দৰ্ভত চাৰি গৰাকী লোকৰ নাম প্ৰকাশ কৰিছে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই | মন্ত্ৰী শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, জিলা খনৰ উত্তৰ শালমাৰা মহকুমাৰ আমগুৰি দ্বিতীয় খণ্ডৰ দীপক মল্লিক (৩২), বঙাইগাওঁ থানাৰ অধীনৰ চাপৰাকাটাৰ অনুপম ঠাকুৰীয়া (১৮), বঙাইগাওঁ বৰপাৰা ছহিদ বেদীৰ ববিতা বাসফোৰ (২৯)আৰু নিউ বঙাইগাঁও ৰেল কলনিৰ মীনা বিশ্বকৰ্মা (৬০) | অন্যহাতে, ক’ভিড-১৯ ৰোগত আক্ৰান্ত লোক সকলৰ ভ্ৰমণৰ কোনো তথ্য পোৱা নাই | সম্প্ৰতি বঙাইগাঁও জিলাক ৰেডজ’ন হিচাপে ঘোষণা কৰাৰ লগতে বঙাইগাঁও চহৰ অঞ্চলৰ তিনি আক্ৰান্ত ৰোগীৰ তিনি কিলোমিটাৰ ব্যাসাৰ্দ্ধৰ ভৌগলিক এলেকা ছীল কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে | আজিৰ ভিতৰত বঙাইগাঁও জিলাৰ চাৰিজন ক’ভিড-১৯ ৰোগীক গুৱাহাটী মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত নিয়াৰ ব্যৱস্থা কৰিব বুলি জনায় |