কৰ’না ভাইৰাছৰ পৰা মুক্ত হৈ থকাৰ বাবে গৃহবন্দী হৈ থাকিবলৈকে পৰামৰ্শ দি আহিছে চৰকাৰে,স্বাস্থ্যবিভাগ,আৰক্ষী আদিয়ে ।অথচ তলাবন্ধ ভংগ কৰি ঘৰৰ বাহিৰলৈ ওলাই একাংশই সঘনাই নিজৰ লগতে সমাজৰ বিপদ মাতি আছে ।তেনে সময়তে কেৰালাৰ এখন গাঁৱত দেখা গ’ল এখন বিপৰীত ছবি ।কৰ’নাক পৰাজিত কৰাৰ প্ৰত্যয়ত দৃষ্টান্ত স্থাপন কৰিছে এই গাঁওখনৰ বাসিন্দাসকলে ।
এই ক্ষেত্ৰত তেওঁলোকৰ লাভো হ’ব।কিয়নো গৃহবন্দী হৈ থাকিলেই তেওঁলোকে লাভ কৰিব সোণসহ অনেক মূল্যবান পুৰস্কাৰ।উল্লেখ্য যে দেশৰ অন্যান্য ৰাজ্যৰ তুলনাত কেৰালাৰ ছবিখন অনেক স্বস্তিদায়ক ।ৰাজ্যখনত আক্ৰান্ত আৰু মৃতকৰ সংখ্যা অনেক কম ।সেইদৰে সুস্থ হোৱাৰ সংখ্যা ও আশাব্যঞ্জক ।কৰ’না মোকাবিলাৰ ক্ষেত্ৰত সমগ্ৰ দেশে এতিয়া কেৰালা মডেলকে সন্মুখত ৰাখিছে ।ইয়াৰে উৎকৃষ্ট উদাহৰণ স্বৰূপে কেৰালাৰ মালাপ্পুৰম জিলাৰ থাকেখোড়ে গাওঁ পঞ্চায়তত।
মাৰ্চত তলাবন্ধ ঘোষণা কৰাৰ পাছতে কৰাৰ পাছতে গাওঁ পঞ্চায়তখনত এক প্ৰতিযোগিতা আৰম্ভ হয় ।কোন পৰিয়াল তলাবন্ধ শেষ নোহোৱা পৰ্যন্ত সবাতোকৈ অধিক সময় ঘৰত কটাবলৈ সক্ষম হ’ব?এইয়াই আছিল প্ৰতিযোগিতাৰ বিষয়বস্তু।উক্ত গাঁওপঞ্চায়তৰ তৰফৰ পৰা জনোৱা হয় যে নিয়ম পালন কৰা পৰিয়ালসমূহক পঞ্চায়তে পুৰস্কৃত কৰিব ।প্ৰথম পুৰস্কাৰৰূপে এটা পৰিয়ালে লাভ কৰিব সোণ।দ্বিতীয় পুৰস্কাৰ ৰেফ্ৰিজাৰেটৰ আৰু তৃতীয় পুৰস্কাৰ এটা ৱাছিং মেচিন ।ইয়াৰ লগতে আছে ৫০টা নিচুকনি পুৰস্কাৰ।
পঞ্চায়তৰ অন্তৰ্গত প্ৰায় ১০হেজাৰ পৰিয়াল আছে ।গাওঁবাসীয়ে নিয়ম মানি ঘৰতে থাকিব পৰিছেনে নাই ,সেয়া চোৱাৰ বাবে কে’বাজনো নিৰীক্ষক নিয়োগ কৰা হৈছে ।কোনোবাই নিয়ম ভাঙিলে তেওঁলোকৰ পৰিয়ালক প্ৰতিযোগিতাৰ পৰা বাদ দিয়া হৈছে ।
অৱশ্যে পঞ্চায়তেই পুৰস্কাৰ ঘোষণাৰ দিন ঠিক কৰিব ।প্ৰতিযোগিতাৰ ম্যাদ শেষ হোৱাৰ পাছত পৰ্যবেক্ষকসকলৰ পৰা ফলাফল বিচৰা হ’ব ।তাৰপাছত নিয়ম মানি চলা পৰিয়ালসমূহক একোখনকৈ কুপন দিয়া হ’ব ।তেওঁলোকৰ মাজৰপৰাই লটাৰীৰ যোগে বিজয়ীসকলক বাছি লোৱা হ’ব ।পঞ্চায়তখনৰ এনে উদ্যোগত সম্প্ৰতি সমগ্ৰ ৰাজ্যই প্ৰশংসা কৰিছে।
ADVERTISEMENT






























