কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সমগ্ৰ বিশ্বতে তলাবন্ধ অব্যাহত আছে। তলাবন্ধৰ কালছোৱাত চিকিৎসা সেৱা আৰু ফাৰ্মাচী মুকলি থাকিলেও বিশ্বজুৰি বিভিন্ন গৰ্ভনিৰোধক সামগ্ৰীৰ যথেষ্ট অভাৱ ঘটিছে। ৰাষ্ট্ৰসংঘৰ এক তথ্য অনুসৰি নিম্ন আৰু মধ্য আয়ৰ দেশসমূহত বসবাস কৰা কমেও তিনি কোটি ৭০ লাখ মহিলাই তলাবন্ধৰ এই সময়ছোৱাত প্ৰয়োজনীয় অত্যাধুনিক গৰ্ভ নিৰোধক ব্যৱহাৰ কৰিবলৈ অক্ষম হৈছে ।
ফলত আগন্তুক কে’বামাহৰ ভিতৰত এই দেশসমূহত অনাকাংক্ষিত মাতৃত্বৰ বোজা কমেও ৭০ লাখ মহিলাই বহন কৰাৰ সম্ভাৱনা আছে ।ৰাষ্ট্ৰসংঘৰ পপুলেচন ফাণ্ড আৰু ইয়াৰ সহযোগী সংস্থাই চলোৱা এক সমীক্ষাত এই উদ্বেগজনক তথ্য পোহৰলৈ আহিছে ৷ৰাষ্ট্ৰসংঘৰ এই সমীক্ষাত তলাবন্ধৰ সময়ত বিশ্বজুৰি অনাকাংক্ষিত মাতৃত্বৰ হাৰ বৃদ্ধি পোৱাৰ লগতে গাৰ্হস্থ্য হিংসাৰ ঘটনাও যথেষ্ট বৃদ্ধি পোৱা বুলি তথ্য প্ৰকাশ পাইছে ৷
এই সমীক্ষাত উল্লেখ কৰা মতে তলাবন্ধৰ পূৰ্বে বিশ্বৰ নিম্ন আৰু মধ্য আয়ৰ ১১৪খন দেশৰ প্ৰায় ৪৫ কোটি মহিলাই নিয়মীয়াভাৱে গৰ্ভনিৰোধক ব্যৱহাৰ কৰিছিল ৷কিন্তু তলাবন্ধৰ ফলত এইসকল মহিলাৰ এক বুজনসংখ্যকে প্ৰয়োজনীয় গৰ্ব নিৰোধন পদ্ধতি অৱলম্বন কৰাত সমস্যাগ্ৰস্ত হৈছে ৷
ADVERTISEMENT






























