কৃষিমন্ত্ৰীৰ পৰ্যালোচনা সভা : সমস্যাই নিৰূপণ কৰে সমাধানৰ পথ

01 05 20 Golaghat Atul Bora plugging paddy field 3

Agriculture Minister Atul Bora plugging paddy field by Power Trailer at Borahi village of Golaghat on 01-05-20. Pix BY UB Photos

সমস্যাই নিৰূপণ কৰে সমাধানৰ পথ | ক’ভিড – ১৯ৰ সমস্যাই আমাক নতুন শিক্ষা দিছে | এই শিক্ষা কৃষি আৰু ইয়াৰ সহযোগী খণ্ডসমূহত বৃত্তিমুখূখণ্ডলৈ পৰিবৰ্তিত কৰাৰ শিক্ষা | এই মন্তব্য ৰাজ্যৰ কৃষি, পশুপালন মন্ত্ৰী অতুল বৰাৰ | ক’ভিড-১৯ৰ সংক্ৰমণৰ লগে লগে অসমৰ কৃষি ভিত্তিক অৰ্থনীতিলৈ আহি পৰা সংশয়ৰ প্ৰসংগ উল্লেখ কৰি কৃষিমন্ত্ৰী বৰাই শুক্ৰবাৰে বোকাখাতত কয় যে সাধাৰণ চাকৰি কৰি বাহিৰৰ ৰাজ্যত থকা বহুসংখ্যক যুৱক-যুৱতী এতিয়া তলাবন্ধৰ বাবে অসমলৈ উভটি আহিছে | এই বৃহৎ সংখ্যক যুৱত-যুৱতীক আমি কৃষি, পশুপালন, দুগ্ধ, মীন আদি খণ্ডসমূহত বৃত্তিমুখী শিক্ষাৰে শিক্ষিত কৰি স্ব-নিয়োজনৰ পথ মুকলি কৰি দিব লাগিব |

 

বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত গোলাঘাট জিলাৰ সকলোবোৰ বিভাগৰ তলাবন্ধ আৰু ইয়াৰ পৰৱৰ্তী সময়ৰ কাম-কাজ পৰ্যালোচনা কৰি কৃষিমন্ত্ৰী বৰাই এনেদৰে মত প্ৰকাশ কৰে | উন্নয়নী কাম-কাজৰ স’তে প্ৰত্যক্ষভাৱে জড়িত বিভাগসমূহৰ বিষয়াসকলক সতৰ্ক কৰি মন্ত্ৰী বৰাই কয় যে এই সময়চোৱা আত্মোৎসৰ্গৰ মনোভাবেৰে দেশ তথা ৰাজ্যক সেৱা কৰাৰ সময় | শেহতীয়াকৈ অচিন ৰোগত গাহৰিৰ মৃত্যুৰ প্ৰসংগটো উল্লেখ কৰি পশুপালন বিভাগৰো মন্ত্ৰী বৰাই জিলাখনত গাহৰিৰ ক্লাছিকেল ছোৱাইন জ্বৰৰ প্ৰতিষেধক পৰ্যাপ্ত পৰিমাণে মজুত ৰখাৰ লগতে নতুনকৈ দেখা দিয়া গাহৰিৰ অচিন ৰোগবিধৰ সংক্ৰমণক বাধা দিবলৈ ঘৰচীয়া গাহৰিৰ অচিন ৰোগবিধৰ সংক্ৰমণক বাধা দিবলৈ ঘৰচীয়া গাহৰিৰ পৰা নিলগাই ৰখাৰ ক্ষেত্ৰত বনাঞ্চলৰ পাশ্চৱৰ্তী গাঁওসমূহত সজাগতা সৃষ্টি কৰিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে |

 

গাখীৰ উৎপাদনৰ বাবে বিখ্যাত জিলাখনৰ গো-পালকসকলক সংগঠিত খণ্ডৰ আওতালৈ অনাৰ ব্যৱস্থা কৰিবলৈকো তেওঁ সভাত বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে | মুখ্যমন্ত্ৰী কৃষি সাঁ-সজুলি যোজনা আৰু পি. এম. কিষাণ আঁচনিৰ জৰিয়তে তলাবন্ধৰ সময়ছোৱাত গোলাঘাট জিলাৰ মুঠ এক লাখ ২২ হেজাৰ ৭৮৭ জন হিতাধিকাৰীৰ বেংক একাউণ্টত ২৫.২৮ কোটি টকা জমা দিয়া হৈছে বুলিও কৃষি মন্ত্ৰীজনে প্ৰকাশ কৰে | সভাত গোলাঘাট জিলাৰ উপায়ুক্ত বিভাস মোডী, বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যাম উপস্থিত থাকে |

Exit mobile version