কৰ’না ভাইৰাছৰ নতুন ক্ৰমবিকাশৰ ৰূপ হ’ল ক’ভিড-১৯ । ২০১৯ ত এই বীজাণু সম্পৰ্কে নতুন তথ্য বিৱৰণ উদ্ঘাটন হোৱা বাবে পুৰণি ভাইৰাছ এটাৰ এই নতুন নাম। এই বীজাণুক ৰোধ কৰিবলৈ এতিয়াও দৰৱ প্ৰস্তুত হোৱা নাই, কিন্তু দৰব নিশ্চিতভাৱে প্ৰস্তুত হ’বই। য’ত দৰব নাই তাত তলাবন্ধৰ প্রয়োজনীয়তা নুই কৰিব নোৱাৰি । ইয়াৰ লগতে সামাজিক দূৰত্ব। ভাৰতবৰ্ষৰ বাহিৰৰ এজনে আনজনৰ পৰা দুই মিটাৰ দূৰত্ব বজাই ৰখাটো বাধ্যতামূলক। ভাৰতবৰ্ষৰ এই দূৰত্ব এক মিটাৰ কৰা হৈছে। এনে ব্যৱস্থাৰ যে কোনো বিকল্প নাই, সেই কথা দেশৰ প্ৰতিগৰাকী সচেতন ব্যক্তিয়েই বুজিবলৈ আৰম্ভ কৰিছে।
২৪ মাৰ্চৰ পৰা তিনি মে’লৈ সমগ্র দেশতেই তলাবন্ধ অব্যাহত। শিথিলতা বা কঠোৰতা স্থান বিশেষত দেখা গৈছে। যি কি নহওঁক, এই কালছোৱাত প্ৰতিগৰাকী ব্যক্তিৰ বাবেই এক গৃহবন্দীত্বৰ দিন হিচাপে চিহ্নিত হৈ ৰ’ব।
কিন্তু সময় অতিবাহিত প্ৰতিগৰাকীয়েই নিজ নিজ প্ৰয়োজন আৰু পৰিৱেশ সাপেক্ষে কৰিবলগীয়াও হৈছে। প্ৰথমতে ভাবিছিলো, কেনেকৈনো সময় অতিবাহিত কৰিম । আমি এগৰাকী অৱসৰী ব্যক্তি হিচাপে বৰ্হি জগতৰ সতেও আমাৰ সম্পর্ক অনুক্ৰমে ক্ষীণ হৈ আহিছে। এয়া নিতান্তই স্বাভাৱিক। জীৱনৰ কাল বিভাজনৰ বৈৰাগ্য আৰু সন্যাসৰ পৰ্বও আছে। বিশ্বৰ অনেক সাহিত্য কৰ্ম লেখকৰ কাৰাজীৱনতো নোহোৱাকৈ থকা নাই। তেনেবোৰ কথাৰ বাবে এই সামান্য লেখাত সম্ভৱ নহ’ব।
ভাৰতীয় আন আন ভাষাটো হোৱাৰ প্ৰক্ৰিয়া অব্যাহত আছে। আমি নিজেই ইংৰাজী সাহিত্যৰ ছাত্ৰ। পি এইছ ডি ৰ গৱেষণা কৰিছিলো ইংৰাজী নাটকৰ ওপৰতেই। জৰ্জ বাৰ্ণাৰ্ড শ্ব’ৰ নাটকেই আছিল আমাৰ গৱেষণাৰ বিষয়। তেতিয়াই ভাৱ হৈছিল আমাৰ অসমীয়া নাট্যকাৰসকলৰ নাটক ইংৰাজীলৈ অনুবাদ কৰিব নোৱাৰিনে? লগতে এই কথা চিন্তা কৰিছিলো যে ইংৰাজীত নাটক বা পাশ্চাত্যৰ নাট্যসম্ভাৰৰ দুই এটা কথা আমাৰ ভাই ভনী সকলৰ বাবে অসমীয়াত লিখিব নোৱাৰিনে? তেনে উদ্দেশ্যৰেই আমি শ্বেক্সপীয়েৰৰ পাঁচখন নাট অসমীয়ালৈ অনুবাদ কৰিছিলো। নাটকবোৰ হ’ল ‘ৰোমীঅ’ এণ্ড জুলিয়েট’, ‘জুলিয়াছ ছিজাৰ’, ‘কিংলিয়াৰ’, ‘হেমলেট’ আৰু ‘মেইজাৰ ফৰ গেইজাৰ’। এই অনূদিত নাটকবোৰ দুটা দশক আগতেই প্ৰকাশ হৈছিল। আমাৰ লেখাৰ ৮০ শতাংশ নাটক কেন্দ্ৰিক। নাটকৰ বিষয়ে আমাৰ কেবাখনো কিতাপ প্ৰকাশ পাইছে- ‘অসমীয়া নাটক আৰু পাশ্চাত্য প্ৰসংগ, ‘ আধুনিক ইংৰাজী নাট্য সাহিত্যৰ ৰূপৰেখা’, ট্ৰেজেডিৰ উদ্ভৱ আৰু বিৱৰ্তন’ আৰু অন্যান্য নাটকৰ সমালোচনামূলক প্ৰৱন্ধৰ সংকলন।
এইখিনিতে কোৱা ভাল হ’ব যে আমি শংকৰদেৱ আৰু মাধৱদেৱৰ নাটকৰ ইংৰাজী অনুবাদো এক তৰল বন্দী জীৱনতেই কৰিছিলো। তেতিয়া আমি কলকাতা আৰু মুম্বাই চহৰত- নিজৰ লৰাৰ লগত। তাত মই অকলশৰে থাকো। তেতিয়াই শংকৰদেৱ আৰু মাধৱদেৱৰ নাটকৰ অনুবাদ কলকাতা আৰু মুম্বাইত। সেয়াও আচলতে আমাৰ বাবে বন্দীৰ জীৱনেই আছিল। গোটেই দিনটো এটা ফ্লেটত বন্দীৰ দৰে সোমাই থাকো।
এইবাৰৰ কৰ’না কেন্দ্ৰীক তলাবন্ধৰ সময়ছোৱাত ভাবিছিলো। বাৰ্ণাড শ্ব’ৰ নাটকৰ ষ্টাইলত জ্যোতিপ্ৰসাদ আগৰৱালাইয়ো অসমীয়া নাটক লিখিছে। আগৰৱালাৰ অসমীয়া নাটক কেইখনত আধুনিক নাট্যকাৰৰ প্রভাৱ সুস্পষ্ট। ‘ৰূপালীম’, ‘লভিতা’ আৰু ‘কাৰেঙৰ লিগিৰী’- এই তিনিওখন নাটকত অনেক নতুন চিন্তাৰ খোৰাক পাইছো। সেইবাবেই তলাবন্ধৰ সময়ত জ্যোতিপ্ৰসাদৰ উক্ত তিনিওখন নাটক ইংৰাজীলৈ অনুবাদ কৰাৰ সুবিধা এটা পালো। ৰূপালীম আৰু লভিতা দুয়োখন নাটকৰ ইংৰাজী অনুবাদ সম্পূৰ্ণ হৈছে। কাৰেঙৰ লিগিৰী’ও হয়তো সম্পূৰ্ণ হ’ব। কাম অব্যাহত।
আৰু এটা কথা নকৈ নোৱাৰিলো, আমাৰ বৰপেটাৰ বিধায়ক গুণীন্দ্ৰনাথ দাস আৰু বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ বাপ আৰু বৰপেটাৰ তাঁতীকুছি সংগঠনৰ বিষয়ববীয়াসকলে আমাক বৰপেটাৰ ওপৰত এখন ইংৰাজী ক’ফি টেবুল বুক লিখিবলৈ কৈছিল বাবে সেই কাম ফেৰাও তলাবন্ধৰ সময়তেই এটা খচৰা প্ৰস্তুত কৰি উলিয়াইছো। পাছলৈ আৰু সংযোজন বিযোজন হ’বই। যি কি নহওঁক, গৃহবন্দী হিচাপে আমি এইখিনি কামকেই ভুল ভ্ৰান্তিৰে কৰিবলৈ যত্ন কৰিছো। পাছলৈ শুধৰোৱাৰ সুবিধাকণ পাম। পিছে, এই কথাখিনিও স্পষ্ট কৰি থোৱা ভাল যে পাখিৰ আকাৰ প্ৰকাৰ ভেদেৰে চৰাইয়ে আকাশমাৰ্গলৈ উৰিব পাৰে । আমাৰ পাখি বৰ সৰু। আমাৰ কাৰণে এনেবোৰ কাম আত্মসন্তুষ্টিৰ বাবেহে।