কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত দেশজুৰি অব্যাহত থকা তলাবন্ধই অট’ম’বাইলৰ খণ্ডত ভয়াৱহ প্ৰভাৱ পেলাইছে ।অৰ্থনৈতিক সংকটৰ পৰিপ্ৰেক্ষিতত বিগত এবছৰ ধৰি দেশৰ উদ্যোগ বাণিজ্য খণ্ডই যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে। এনে সময়তে কৰ’না ভাইৰাছৰ সংক্ৰমণ আৰু তলাবন্ধৰ ফলত বৃহৎ ক্ষতিৰ সন্মুখীন হ’ল দেশৰ বৃহত্তম গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান মাৰুতী ।
বিগত এপ্ৰিলত কোম্পানীটোৱে উৎপাদন কৰা এখনো গাড়ী বিক্ৰী কৰিব নোৱাৰিলে। প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা প্ৰতিবেদনত প্ৰকাশ পায় যে দেশীয় বজাৰত প্ৰথমবাৰৰ বাবে এনে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ’ল। অৱশ্যে কেৱল মাৰুতীয়ে নহয় ২৪ মাৰ্চৰ পৰা দেশত অব্যাহত থকা তলাবন্ধৰ ফলত অন্যান্য অট’ম’বাইলৰ প্ৰতিষ্ঠানসমূহৰো ব্যৱসায় বন্ধ হৈ আছে ।
ফলত এইসমূহ প্ৰতিষ্ঠানো মাৰুতীৰ দৰে আৰ্থিক ক্ষতিৰ সন্মুখীন হৈছে ।মাৰুতীয়ে প্ৰকাশ কৰা মতে যোৱা ২২ মাৰ্চৰ জনতা সান্ধ্য আইনৰ পৰাই কোম্পানীটোৰ গাড়ীৰ বিক্ৰী বন্ধ হৈ আছে। ইয়াৰ পূৰ্বে মাৰুতীয়ে ৮৩,৭৯২ ইউনিট গাড়ী বিক্ৰী কৰিছিল ।২০১৯ ৰ মাৰ্চত কোম্পানীটোৱে বিক্ৰী কৰা গাড়ীৰ পৰিমাণ আছিল এক লাখ ৫৮ হাজাৰ ৭৬ ইউনিট ।অৰ্থাৎ চলিত বৰ্ষৰ মাৰ্চত মাৰুতীৰ গাড়ীৰ বিক্ৰী ৪৭ শতাংশ হ্ৰাস পায় ৷তলাবন্ধৰ ফলতে কোম্পানীটোৱে দেশৰ বজাৰত এই বিপৰ্যয়ৰ সন্মুখীন হৈছে। যোৱা ২০ এপ্ৰিলৰ পৰা মাৰুতীয়ে হাৰিয়ানাৰ মানেচৰত থকা কাৰখানাৰ কাম কাজ আংশিকভাবে আৰম্ভ কৰিছে।
ADVERTISEMENT






























