আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মাৰাত্মক কৰ’না ভাইৰাছ চীনে গৱেষণাগাৰত তৈয়াৰ কৰা বুলি বাৰম্বাৰ দাবী কৰি অহাৰ সময়তে স্বয়ং মাৰ্কিন চোৰাংচোৱা সংস্থাই এই ভাইৰাছ মানৱ সৃষ্ট নহয় বুলি দাবী কৰিছে । আমেৰিকাৰ নেশ্যনেল ইন্টেলিজেন্সৰ সঞ্চালকৰ কাৰ্যালয়ে এক প্ৰতিবেদন প্ৰকাশ কৰি কয় যে চোৰাংচোৱা সংস্থাটোৱে দেশৰ সমগ্ৰ পৰিস্থিতিলৈ লক্ষ্য ৰখাৰ লগতে ইতিমধ্যে লাভ কৰা তথ্যৰ ভিত্তিত কৰ’না ভাইৰাছ মানৱ সৃষ্ট নহয় বুলি নিশ্চিত হৈছে৷ বিজ্ঞানসন্মতভাৱে এই ভাইৰাছক লৈ তথ্য সংগ্ৰহ কৰাৰ পিছত জানিব পৰা গৈছে যে ক’ভিড ১৯ মানৱ সৃষ্ট নহয় বা জিনগতভাৱে ইয়াৰ কোনো পৰিৱৰ্তন হোৱা নাই। এই মন্তব্য মাৰ্কিন চোৰাংচোৱা সংস্থাৰ।
সমগ্ৰ বিশ্বতে কৰ’না ভাইৰাছে সন্ত্ৰাস বিয়পোৱাৰ সময়তে চীনৰ বিৰুদ্ধে আঙুলি টোৱাইছিল মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ইচ্ছাকৃতভাৱে এই ভাইৰাছ সমগ্ৰ বিশ্বত বিয়পাই দিয়াৰ ক্ষতিপূৰণ চীনৰ দিব লাগিব বুলি হুংকাৰ দিছিল ট্ৰাম্পে। কিন্তু শেহতীয়াভাৱে আমেৰিকাৰ নেশ্যনেল ইন্টেলিজেন্সে স্পষ্ট কৰি কয় যে কৰ’না ভাইৰাছ মানৱ সৃষ্ট হোৱাৰ কোনো প্ৰমাণ এতিয়ালৈকে পোৱা নাই। যোৱা আঠ এপ্ৰিলত প্ৰকাশিত পিউ ৰিচাৰ্ছ চেন্টাৰৰ এক সমীক্ষাত ২৯ শতাংশ মাৰ্কিন নাগৰিকে কৰ’না ভাইৰাছ গৱেষণাগাৰত তৈয়াৰী বুলি মত পোষণ কৰিছিল যদিও ইয়াৰ কোনো প্ৰমাণ পোৱা নগৈছিল ৷