মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত আৰু কেবিনেট মন্ত্ৰীসকলৰ উপস্থিতিত শনিবাৰে ৰাজ্যৰ সংবাদ প্ৰতিষ্ঠানৰ সম্পাদকসকল স’তে খানাপাৰস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী আইন মহাবিদ্যালয়ত এক বৈঠক অনুষ্ঠিত হয় |ক’ভিড – ১৯ ভাইৰাছে সৃষ্টি কৰা এই দুৰ্যোগৰ সময়ত
সাংবাদিক সকলৰ অক্লান্ত যুঁজক শলাগ লয় মুখ্যমন্ত্ৰীজনে|
এই সংক্ৰান্তত সাংবাদিকৰ আগত তেওঁ কয়,” অশেষ কষ্ট স্বীকাৰ কৰিছে ৰাজ্যৰ সাংবাদিকসকলে। আজি সম্পাদক সকলে বহু পৰামৰ্শ দিছে। আমি ধৈৰ্য সহকাৰে তেওঁলোকৰ পৰামৰ্শ শুনিছো। বানপানী আহিবই কিন্তু কেনেকৈ মোকাবিলা কৰিব সেই সম্পৰ্কত আগতীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁলোকে কৈছে। পেপাৰ, আলোচনীলৈ বেয়া অৱস্থা নামি আহিছে বুলি অৱগত কৰিছে। সকলোৱে টিম আসাম হৈ কাম কৰিব লাগিব।
সংবাদ মাধ্যম হৈছে সমাজৰ বিবেক। উপাৰ্জন বাঢ়িব স্বাভাৱিকতে। আমাৰ দৃঢ় বিশ্বাস আছে কৃষি ক্ষেত্ৰৰ উৎপাদন বাঢ়িব। ৰাজ্যৰ কৃষিক্ষেত্ৰৰ কাম আৰম্ভ হৈছে। অতি নিষ্ঠাৰে লকডাউন জনসাধাৰণে মানি চলিব সুন্দৰকৈ। পূৰ্বতেও মানি চলিছিল। কিছু শিথিলতা আহিছে যদিও সামাজিক ব্যৱধান মূল কথা। এটা টাস্ক ফৰ্চ গঠন কৰা হৈছে জি পি সিঙৰৰ নেতৃত্বত। দিনে নিশাই সুন্দৰ পৰিকল্পনা প্ৰস্তুত কৰি আছে। ইচ্ছা কৰা আবদ্ধ শ্ৰমিক, ছাত্ৰ-ছাত্ৰী, ৰোগী, পৰ্যটক আহিব পাৰিব। বিজ্ঞানসন্মতভাৱে পৰ্যায়ক্ৰমে বিবেচনা কৰি অনাৰ ব্যৱস্থা কৰা হ’ব।” উল্লেখ্য যে আজিৰ এই বৈঠকত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, কেশৱ মহন্ত, অতুল বৰা আদি উপস্থিত আছিল।
ADVERTISEMENT