ক’ভিড-১৯ৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ গ্ৰহণ তলাবন্ধৰ পৰিপ্ৰেক্ষিতত অহা ১৭ মে’ পৰ্যন্ত যাত্ৰীবাহী ৰে’ল সেৱা বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতৰ ৰেল মন্ত্ৰণালয়ে ৷অৱশ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশনাৰ ভিত্তিত ৰাজ্য চৰকাৰসমূহে প্ৰয়োজনসাপেক্ষে বিভিন্ন স্থানত আৱদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিক, তীৰ্থযাত্ৰী, পৰ্যটক, শিক্ষাৰ্থী আৰু অন্যান্য ব্যক্তিক “বিশেষ শ্ৰমিক ৰে’ল”ৰ জৰিয়তে নিজৰ ৰাজ্যলৈ নিব পাৰিব৷ইফালে, এই সময়ছোৱাতো মালবাহী আৰু পাৰ্চেল ৰে’ল নিয়মীয়াকৈ চলি থাকিব বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে |
ADVERTISEMENT






























