২০২২ লৈ কৰ’না ভাইৰাছৰ সন্ত্ৰাস থাকিব পাৰেঃমাৰ্কিন গৱেষক

পৃথিৱীত দীঘলীয়া সময় অতিবাহিত কৰিব মাৰাত্মক ক’ভিড১৯ য়ে।এই বিশ্বজোৰা মহামাৰী ২০২২ লৈ অব্যাহত থাকিব পাৰে আৰু অধিকাংশ পৃথিৱীবাসীয়ে এই মাৰাত্মক ভাইৰাছ বিধৰ লগত যুঁজৰ ক্ষমতা অৰ্জন নকৰা পৰ্যন্ত মাৰাত্মক ভাইৰাছক নিয়ন্ত্ৰণ কৰাটো সম্ভৱ নহ’ব ৷ আমেৰিকাৰ একাংশ বিশেষজ্ঞই এইদৰে মত পোষণ কৰিছে । ইউনিভাৰ্চিটি অৱ মিনেছ”টা”ৰ চেন্টাৰ ফৰ ইনফেক্সিয়াছ ডিজিজ ৰিচাৰ্চ এণ্ড পলিচীৰ এক প্ৰতিবেদনত গৱেষকসকলে এইদৰে উল্লেখ কৰে ” এই অতিমাৰীৰ দৈৰ্ঘ্য হ’ব ১৮ ৰ পৰা ২৪মাহ। মানুহৰ মাজত ক্ৰমশঃ প্ৰতিৰোধ ক্ষমতা গঢ় লৈ উঠা পৰ্যন্ত ই থাকিব।”

 

প্ৰতিবেদনত কোৱা হৈছে যে অতিকৈ সংক্ৰামক কৰ’না ভাইৰাছ দুবছৰ পৰ্যন্ত সংক্ৰমণ প্ৰসাৰিত কৰি থাকিব আৰু জনসংখ্যাৰ ৬০ ৰ পৰা ৭০ শতাংশ লোকৰ প্ৰতিৰোধ ক্ষমতা গঢ় লৈ নুঠা পৰ্যন্ত ইয়াৰ সংক্ৰমণ বন্ধ নহয়। গৱেষকসকলৰ মতে আমেৰিকা অতি শোচনীয় পৰিস্থিতিৰ বাবে সাজু থাকিব লাগিব। এই পৰ্যন্ত প্ৰতিষেধক নাই আৰু প্ৰতিৰোধ ক্ষমতাও গঢ় লৈ উঠা নাই। গৱেষকসকলে কয় যে চৰকাৰী বিষয়াসকলে এই ধাৰণা মগজুত ধাৰণ কৰিব লাগিব যে অতি সহজতে এই অতিমাৰী শেষ নহয় আৰু মানুহে ইয়াৰ পুনৰ আৱিৰ্ভাৱৰ বাবে আগন্তুক দুবছৰ সাজু থাকিব লাগিব ৷ বিশ্বজুৰি বিভিন্ন ৰাষ্ট্ৰৰ চৰকাৰে তলাবন্ধ তথা সামাজিক দূৰত্বৰ নীতি নিয়ম শিথিল কৰিবলৈ সাজু হোৱাৰ সময়তে এইদৰে কয় মাৰ্কিন গৱেষক সংস্থাটোৱে।

Exit mobile version