ৰাজ্যিক পৰ্যায়ৰ টাস্ক ফ’ৰ্চৰ পৰামৰ্শত শিক্ষা বিভাগৰ সিদ্ধান্ত

52795 qhzuxfnrko 1488565970
সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত দেশব্যাপী অব্যাহত থকা তলাবন্ধৰ বাবে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত বাতিল হ’ব চলিত শিক্ষা বৰ্ষৰ সমাগত গ্ৰীষ্ম বন্ধ ৷ ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে গঠন কৰা ৰাজ্যিক পৰ্যায়ৰ টাস্ক ফ’ৰ্চৰ প্ৰথমলানি বৈঠকৰ পৰামৰ্শৰ ভিত্তিতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষা বিভাগে ৷ শিক্ষা বিভাগৰ এক শীৰ্ষ সূত্ৰই এই কথা সদৰী কৰি জনোৱা মতে, কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত যোৱা ১৬ মাৰ্চৰ পৰা বন্ধ আছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ । সমান্তৰালভাৱে ৪ মে’ৰ পৰা আৰম্ভ হ’ব ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ তলাবন্ধ।
এই ক্ষেত্ৰত কেন্দ্ৰীয় বা চৰকাৰে কিছুমান ক্ষেত্ৰত তলাবন্ধ শিথিল কৰিলেও কিন্তু বিদ্যালয় মহাবিদ্যালয়ৰ ক্ষেত্ৰত কোনো শিথিলতা নাই। ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ ছাত্ৰ ছাত্ৰীসকলৰ যাতে এটা অমূল্য শিক্ষাবৰ্ষ এটা যাতে বিনষ্ট নহয়,তাৰ প্ৰতি লক্ষ্য ৰাখি অহা পহিলা জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া চলিত শিক্ষা বৰ্ষৰ গ্ৰীষ্ম বন্ধ বাতিলৰ বাবে ৰাজ্যিক পৰ্যায়ৰ টাস্ক ফ’ৰ্চে পৰামৰ্শ আগবঢ়াইছে । ইয়াৰ ভিত্তিতে সমাগত গ্ৰীষ্ম বন্ধ বাতিল কৰাৰ বাবে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে সিদ্ধান্ত প্ৰায় চূড়ান্ত কৰে ৷ লগতে এই সময়ছোৱাত যাতে ছাত্ৰ ছাত্ৰীসকল যাতে পঢ়াৰ টেবুলৰ পৰা আঁতৰি যাব নালাগে তাৰ কাৰণে স্কুল পৰিদৰ্শক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়াসকলৰ জৰিয়তে প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলক তিনিটাকৈ প্ৰশ্নৰ প্ৰশ্নকাকত দিয়াৰ ব্যৱস্থা কৰাৰ বাবেও টাস্ক ফ’ৰ্চে পৰামৰ্শ আগবঢ়ায় ।
তদুপৰি চলিত শিক্ষাবৰ্ষৰ বছৰেকীয়া পৰীক্ষা ২০১২ ৰ জানুৱাৰীলৈ যাব পাৰে বুলিও সূত্ৰটোৱে জনায় । উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰছাত্ৰীসকল যাতে ব্যৱহাৰিক পাঠ্যক্ৰমৰ পৰা বঞ্চিত নহয় তাৰ কাৰণে অহা পহিলা জুনৰ পৰা সামাজিক দূৰত্ব বজাই ৰাখি পাঠদানৰ ব্যৱস্থা কৰাৰ পৰিকল্পনা কৰিছে শিক্ষা বিভাগে । আনহাতে শিক্ষক সকলে নিজৰ ওচৰতে থকা শিক্ষানুষ্ঠানত গৈ ছাত্ৰছাত্ৰীক পাঠদানৰ ব্যৱস্থা কৰিব লাগিব। সম্পূৰ্ণ পাঠদান নোহোৱা পৰ্যন্ত দূৰদৰ্শন, ৰেডিঅ’, ইউটিউব আদি পাঠদান কৰিব লাগিব। জৰুৰীভাৱে অনুষ্ঠিত ৰাজ্যিক টাস্ক ফৰ্চৰ বৈঠকত শিক্ষা বিভাগৰ আয়ুক্ত প্ৰীতম শইকীয়া, অসম মাধ্যমিক শিক্ষা বৰ্ডৰ অধ্যক্ষ আৰ চি জৈন আদিৰ লগতে বহু কেইজন বিষয়া উপস্থিত আছিল।
Exit mobile version