সমগ্ৰ দেশৰ লগতে কৰ’না ভাইৰাছে সম্প্ৰতি ধৰাশায়ী কৰিছে হলীউডক ৷ ইয়াৰ মাজতে আন্তঃৰাষ্ট্ৰীয় গায়িকা মেডোনাৰ শৰীৰত কৰ’না ভাইৰাছৰ এন্টীব’ডিজ পোৱা গৈছে ৷ছ’চিয়েল মিডিয়াৰ যোগেৰে এই কথা ব্যক্ত কৰিছে মেডোনাই ৷ দৰাচলতে চিকিৎসকসকলে এন্টীব’ডিজৰ প্ৰয়োগ ক’ভিড১৯ ত আক্ৰান্ত লোকসকলৰ চিকিৎসাৰ কাৰণে ব্যৱহাৰ কৰে ৷যদি শৰীৰত এন্টীব’ডিজৰ প্ৰমাণ পাই তেনেহ’লে যিকোনো এজন লোক কৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ সম্ভাৱনা প্ৰবল হৈ পৰে ৷
ইফালে গায়িকা মেডোনাই ১৪ টা কোৱাৰেন্টাইনৰ ভিডিঅ’ অনুৰাগীসকলৰ কাৰণে আগবঢ়াইছে ৷ লগতে মেডোনাই লিখিছে যে মই টেষ্ট কৰিলো ৷আৰু গম পালো যে মোৰ এন্টীব’ডিজ আছে। গতিকে মই কাইলৈ লং ড্ৰাইভত ওলাই যাম৷আৰু ক’ভিড ১৯ ৰ বতাহ ল’ম ৷অৱশ্যে মেডোনাৰ ছ’চিয়েল মিডিয়াত দিয়া এই বাৰ্তাৰ পিছতেই সকলো অনুৰাগীৰ পৰা মিশ্ৰিত প্ৰতিক্ৰিয়া লাভ কৰিছে ৷
অনুৰাগী সকলে তেওঁক ঘৰতে থাকিবলৈ অনুৰোধ কৰিছে ।উল্লেখযোগ্য যে ইতিমধ্যে হলীউডৰ বহু ষ্টাৰ ছুপাৰষ্টাৰসকল ক’ভিড১৯ত আক্ৰান্ত হৈছে। আৰু কিছু সংখ্যকৰ মৃত্যুও হৈছে। হলীউদৰ ইদৰিছ এল্বা,ক্ৰিষ্টোফাৰ হিব্জু,ডেবী মজাৰ,ডেনিয়েল ডায় কিম,এণ্ডী কোহেন,গায়ক পিংকৰ লগত আন বহু চেলিব্ৰিটি ক’ভিড ১৯ ত আক্ৰান্ত হৈছে । আনহাতে ৬১ বৰ্ষীয়া তথা আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন হলীউডৰ গায়িকা মেডোনা সাম্প্ৰতিক সময়লৈকে ৭ বাৰ গ্ৰেমী এৱাৰ্ডেৰে পুৰস্কৃত হোৱাৰ লগতে ২৮ বাৰকৈ নমিনেট হৈছে গায়িকা গৰাকী।
ADVERTISEMENT