তলাবন্ধৰ ৪১ দিনৰ মূৰত কিছু স্বাভাৱিক জীৱন যাত্ৰা

WhatsApp Image 2020 05 04 at 2.16.39 PM 1
দেশত পুনৰ সোমাবাৰৰ পৰা বলবৎ হল তৃতীয় পৰ্যায়ৰ তলাবন্ধ | ক’ভিড-১৯ ভাইৰাছক মষিমূৰ কৰিবলৈ যোৱা ২৪ মাৰ্চৰ পৰা দুটা পৰ্যায়ত আৰম্ভ হোৱা তলাবন্ধৰ ম্যাদ শেষ হোৱাৰ পাছতে কিছু কিছু ক্ষেত্ৰত শিথিলতাৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে পুনৰ বলবৎ কৰিলে তৃতীয় পৰ্যায়ৰ তলাবন্ধ | এই তৃতীয় পৰ্যায়ৰ তলাবন্ধৰ আৰম্ভণিৰ দিনটোত পুৱাৰে পৰা মহানগৰীৰ ৰাজপথত দেখিবলৈ পোৱা গৈছে অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ চলাচল ।
স্বাভাৱিক জীৱন যাত্ৰা কিছু পৰিমাণে ঘূৰি অহাত স্বস্তিৰ নিশ্বাস পেলালে বহুজনে | তলাবন্ধ অব্যাহত থকাৰ মাজতে ৪১ দিনৰ অন্তত বাছত উঠিবলৈ   হেতা-ওপৰা একাংশ যাত্ৰীৰ। ইফালে, বজাৰসমূহতো পুৱাৰে পৰা বিভিন্ন লোকৰ ভিৰ দেখিবলৈ পোৱা গৈছে । ঠাইয়ে ঠাইয়ে আৰক্ষীও কঠোৰ হৈছে | নিদিষ্ট নীতি-নিয়মৰ যাতে কোনেও ভংগ নকৰে তীক্ষ্ণ নজৰ ৰাখিছে | ৰাজ্যখনত আন্তঃজিলা আৰু অন্তঃজিলা যাত্ৰাৰ বাবে অনুমতি প্ৰদান কৰা হৈছে যদিও চিটি বাছসমূহে  ৫০ শতাংশৰ অধিক যাত্ৰী বহন কৰিব নোৱাৰিব । ইফালে, সন্ধিয়া পাঁচ বজাৰত সকলো বন্ধ কৰিব লাগিব|
Exit mobile version